ডিজিটেল ডেস্ক : দিল্লীত সংঘটিত সাম্প্রদায়িক সংঘৰ্ষৰ ঘটনাৰ বাবে অভিযুক্ত শ্বাৰ্জিল ইমামৰ জামিনৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। এই জামিন আৱেদনৰ বিৰোধিতা কৰি দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত কয় যে শ্বাৰ্জিলআৰু তেওঁৰ সহযোগীসকলে শাসন প্রণালী পৰিৱৰ্তন কৰিব বিচাৰিছিল
দিল্লী আৰক্ষীৰ হৈ অতিৰিক্ত ছলিছিটৰ জেনেৰেল ভি ৰাজুৱে কয় যে শ্বাৰ্জিলৰ ভাষণে মুছলমান লোকসকলক উচটনি দিছিল। ৰাজুৱে কয় যে বৌদ্ধিক লোকসকল যেতিয়া সন্ত্রাসবাদী হয়, তেতিয়া অতি ভংয়কৰ হৈ পৰে।
শ্বাৰ্জিল ইমামে কি ষড়যন্ত্ৰ কৰিছিল? ৰাজুৱে কয়। তেওঁ কয় যে শ্বাৰ্জিলে নিজৰ ভাষণত এটা হিংসাত্মক প্রতিবাদৰ আহ্বান জনাইছিল। তেওঁ কৈছিল- অসম ভাৰতৰ পৰা বেলেগ হ'ব লাগে। শ্বার্জিলে 'চিকেন নেক'ৰ প্রসংগ উত্থাপন কৰিছিল, যিটো ১৬ কিল'মিটাৰ অঞ্চলে অসমক ভাৰতৰে অন্য প্ৰান্তৰ সৈতে সংযোগ কৰে। ৰাজুৱে শ্বাৰ্জিল ইমামৰ জামিনৰ তীব্র বিৰোধিতা কৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে