ডিজিটেল ডেস্ক : কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নিকটৱৰ্তী টেপেছীয়াস্থিত অসম ডনবস্ক' বিশ্ববিদ্যালয়ত কালিৰে পৰা অহা ২০ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ তত্ত্বাৱধানত 'লুইত প্রভা' শীর্ষক ৩৯সংখ্যক আন্তঃবিশ্ববিদ্যালয় উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে।কালি প্রথম দিনা সৃষ্টিশীলতা, সংস্কৃতি আৰু যুৱ উৎকৃষ্টতাক উদ্যাপনৰ বাবে সমগ্ৰ উত্তৰ-পূব মণ্ডলৰ বিশ্ববিদ্যালয়সমূহৰ পৰা ১০০০ৰো অধিক প্রতিভাৱান ছাত্র-ছাত্রীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰে। মহোৎসৱৰ আৰম্ভণিতে বর্ণিল সাংস্কৃতিক শোভাযাত্রা প্রতিযোগিতাত ২০খন ভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূবৰ জীপাল সংস্কৃতি প্রদর্শন কৰে।
বিশিষ্ট সংগীতজ্ঞ তথা সুৰকাৰ অনিৰুদ্ধ বৰুৱা, ভাষিক সংখ্যালঘু উন্নয়ন নিগমৰ উপাধ্যক্ষ সুশান্ত বিশ্বাসৰ লগতে ভাৰতীয় বিশ্ববিদ্যালয় সন্থা আৰু অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ উচ্চপদস্থ বিষয়া, অধ্যাপক আৰু ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰে। ভাৰতীয় বিশ্ববিদ্যালয় সন্থা হৈছে শিক্ষা মন্ত্ৰ্যালয়ৰ দ্বাৰা নির্দেশিত উচ্চ শিক্ষাৰ এক এপেক্স পৰামৰ্শদাতা সন্থা, যাৰ দ্বাৰা বিদেশী ডিগ্ৰীৰ সমতুল্যতা নির্ধাৰণ কৰা হয়। ভাৰতৰ উচ্চ শিক্ষা খণ্ডত যুৱ পৰিক্ৰমা আৰু ক্রীড়া কাৰ্যকলাপ চলোৱা হয়। উল্লেখযোগ্য যে বর্তমান এই সন্থাৰ ১৮খন বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়কে ধৰি প্ৰায় ১১১১খন সদস্য বিশ্ববিদ্যালয় আছে। মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্রাচীন অধ্যয়ন বিশ্ববিদ্যালয়, উত্তৰ-পূৰ্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয়, নগালেণ্ড বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, মণিপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি মণিপুৰৰ চাৰিখন বিশ্ববিদ্যালয়ৰ লগতে ছিকিম, অৰুণাচল প্ৰদেশৰ বিশ্ববিদ্যালয়ে অংশগ্রহণ কৰিছে। এই মহোৎসৱে যুৱ সৃষ্টিশীলতা, সাংস্কৃতিক সংহতি আৰু জাতীয় ঐক্যক প্ৰসাৰিত কৰাৰ বাবে এক সজীৱ মঞ্চ হিচাপে কাম কৰিব। ৰাষ্ট্ৰীয় উৎসৱৰ লক্ষ্য হৈছে যুৱ মনবোৰক সংগীত, নৃত্য, নাট্য, সূক্ষ্ম কলা আৰু সাহিত্যিক অনুষ্ঠানত নিজৰ কলাত্মক প্রতিভা প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰা।
ইউনিফেষ্টে সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি, সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল প্রকাশভংগীক প্ৰসাৰিত কৰাৰ ভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে। কালি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ড° জোছ পেলেলিয়ে কয় যে এই মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক বৈচিত্র্যক উজ্জ্বল কৰি তোলাই নহয়, অংশগ্রহণকাৰী বিশ্ববিদ্যালয়সমূহৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ বান্ধোন সুদৃঢ় কৰিব। 'লুইত প্রভা' ব্ৰহ্মপুত্ৰৰ আত্মাৰ প্ৰতীক। ই অসম ৰাজ্য আৰু উত্তৰ-পূব অঞ্চলৰ সজীৱ সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰে।