ভাৰতৰ সৈতে অধিক এদিনীয়া খেলাত আগ্রহ, দলত ৰোহিত-কোহলীক বিচাৰে অধিকাংশ দেশে

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: বিশ্ব ক্রিকেটত আধিপত্য বিস্তাৰ কৰি থকা ভাৰতীয় দলটোৰ তাৰকা খেলুৱৈদ্বয় ৰোহিত শর্মা আৰু বিৰাট কোহলীৰ ক্রিকেট জীৱন সমাপ্তি হোৱাৰ দিশত। টেষ্ট আৰু টি-২০ ক্রিকেটৰ পৰা ইতিমধ্যে অৱসৰ লোৱা ৰোহিত আৰু বিৰাটৰ এদিনীয়া ক্রিকেটত এতিয়াও চমক অব্যাহত আছে। ইয়াৰ প্রমাণ হ'ল যোৱা বছৰ ডুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফী। 

বিৰাট কোহলীৰ চমকপ্রদ প্রদর্শন আৰু ৰোহিতৰ সুদক্ষ নেতৃত্বৰ বলত ভাৰতে ট্ৰফী জয় কৰে। দুয়োজন খেলুৱৈৰ বিদেশতো যথেষ্ট জনপ্রিয়তা আছে। এতিয়া কেইবাখনো দেশে ভাৰতৰ সৈতে অধিক সংখ্যক এদিনীয়া মেচ খেলিবলৈ বিচাৰে। সেয়েহে ভাৰতীয় দলৰ সূচীত অধিক সংখ্যক এদিনীয়া মেচ অন্তৰ্ভুক্ত কৰাৰ অনুৰোধ জনোৱা হৈছে। 

শ্রীলংকা, ইংলেণ্ড, আয়াৰলেণ্ড আৰু নিউজিলেণ্ড ক্রিকেট ব'ৰ্ডে ভাৰতৰ সৈতে হ'বলগীয়া শৃংখলাত অধিক সংখ্যক এদিনীয়া মেচ অন্তর্ভুক্ত কৰাৰ কাৰণে অনুৰোধ জনাইছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডক। ইয়াৰ কাৰণ হ'ল ভাৰতৰ সৈতে এদিনীয়া মেচত সংশ্লিষ্ট দেশবোৰ অর্থনৈতিকভাৱে লাভৱান হয়। এই দেশবোৰে ইয়াৰ লগতে তেওঁলোকৰ দেশত ৰোহিত শর্মা আৰু বিৰাট কোহলীৰ দৰে খেলুৱৈয়ে খেলাটো বিচাৰে। তেওঁলোকৰ ষ্টেডিয়ামলৈ দর্শকক আকর্ষণ কৰিব পৰা গুণ আছে বুলি কোৱা হৈছে। ইয়াৰ লগতে ভাৰতীয় দলৰ ভ্ৰমণসূচীত অধিক সংখ্যক এদিনীয়া মেচ অন্তর্ভুক্ত কৰিলে আসন্ন আই চি চি এদিনীয়া বিশ্ব কাপৰ প্রস্তুতিতো সহায়ক হ'ব।

Share This