আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম

Rashmi June 21, 2025

ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে আজিও সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে  আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোৱেই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। 


যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।

২১ জুন হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন, যাক মানুহে গ্ৰীষ্ম সংক্ৰান্তি বুলিও কয়। ভাৰতীয় পৰম্পৰা অনুসৰি, গ্ৰীষ্ম সংক্ৰান্তিৰ পিছতেই সূৰ্য দক্ষিণায়ন হয়।বিশ্বাস মতে, এই দিনটোত সূৰ্যৰ পোহৰ সৰ্বাধিক।আনহাতে, সূৰ্য দক্ষিণায়নৰ সময়খিনি আধ্যাত্মিক সফলতা প্ৰাপ্তিৰ বাবেও অতি উত্তম সময়। এই বাবেই ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।


স্বাস্থ্য ৰক্ষাত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্ব বুজিবলৈকে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটোৱে সকলোকে যোগৰ বিষয়ে সজাগ কৰে। যোগে কেনেদৰে চাপ আঁতৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে তাৰ গুৰুত্বও উপলব্ধি কৰায় যোগ দিৱসে। নিয়মীয়াকৈ যোগাভ্যাস কৰি আপুনি দীৰ্ঘম্যাদী ৰোগ যেনে মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰিব পাৰি।তদুপৰি, যোগাভ্যাস কৰি ঔষধ অবিহনেই বহুতো ৰোগ দূৰ কৰিব পাৰি।

যোগে কেৱল শাৰীৰিক দিশতেই নহয় মানসিক দিশতো প্ৰভূত অৰিহণা যোগায়। যোগে মানুহৰ শৰীৰ আৰু মন সুস্থ-সবল, সতেজ আৰু প্ৰাণৱন্ত কৰি ৰাখে। গতিকে নিয়মীয়া যোগাভ্যাস গঢ়ি তোলক আৰু এটা সুস্থ-সুন্দৰ জীৱনৰ অধিকাৰী হওক।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This