ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত কালি বিৰাট পতন ঘটে। ছেনছেক্সত ১৮৩৭.৫৭ পইন্ট (২.৪৬ শতাংশ) পতন ঘটি ৭২,৬৯৬.৩৯ত বন্ধ হয়।
ইফালে নিফটিত ৬০১.৮৫ পইণ্টৰ (২.৬০ শতাংশ) পতন ঘটি ২২,৫১৩.৬৫ত বন্ধ হয়। কালি বজাৰত বেংকিং, অট', মেটেল আৰু এফ এম চি জিৰ শ্বেয়াৰৰ অধিক পতন ঘটে।
কালি শ্বেয়াৰ বজাৰত হোৱা পতনৰ বাবে ব'ম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কোম্পানীবোৰৰ ১৪ লাখ কোটি টকাৰ লোকচান হয়।