ডিজিটেল ডেস্ক : ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ খেলুৱৈৰ নিলাম ১৬ ডিচেম্বৰত হোৱাৰ সম্ভাৱনা আছে। ক্রিকবাজত প্রকাশিত এটা বাতৰিৰ পৰা এই কথা জানিব পৰা গৈছে। বাতৰিটোত উল্লেখ কৰা মতে খেলুৱৈৰ নিলাম ১৬ ডিচেম্বৰত গোৱাৰ আই টি চি গ্ৰেণ্ড গোৱা হোটেলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বি চি চি আইৰ লজিষ্টিক টিমে কালি এক হোৱাটছএপ মেছেজৰ জৰিয়তে সকলো ফ্রেন্সাইজীক নিলামৰ তাৰিখ আৰু স্থানৰ বিষয়ে প্রাথমিকভাৱে জনাইছে।
অৱশ্যে আনুষ্ঠানিকভাৱে এই বিষয়ে জনোৱা হোৱা নাই। কিন্তু ফ্রেন্সাইজীলৈ প্ৰেৰণ কৰা হোৱাটছএপ মেছেজত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে আই পি এল-২০২৬ৰ নিলাম ১৬ ডিচেম্বৰত আই টি চি গ্রেণ্ড গোৱা হোটেলত অনুষ্ঠিত হ'ব। বার্তাটোত নিলামত অংশগ্ৰহণৰ বাবে ফ্রেন্সাইজীৰ প্ৰতিনিধি দলত কিমানজন লোক থাকিব সেই বিষয়ে জনাবলৈ কোৱা হৈছে।
নিলামৰ এদিন আগতে আই পি এলৰ দলসমূহৰ মালিক আৰু বিষয়ববীয়াসকলৰ এখন বৈঠক ১৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু ইয়াত বিতংভাৱে সকলো কথা জনোৱা হ'ব। আইপি এলৰ ফ্ৰেন্সাইজীসমূহে এই বার্তা লাভ কৰা বুলি জনাইছে। উল্লেখযোগ্য যে নিলামৰ দিনাই অৰ্থাৎ ১৬ ডিচেম্বৰত ভাৰতীয় দলে বেংগালুৰুত শ্রীলংকাৰ বিৰুদ্ধে এদিনীয়া মেচ খেলিব। উল্লেখযোগ্য যে প্রায় তিনি বছৰৰ পাছত আই পি এলৰ নিলাম ভাৰতত অনুষ্ঠিত হ'ব।