বিদেশৰ মাটিত হ'ব আই পি এলৰ নিলাম

dainik janambhumi November 04, 2025

ডিজিটেল ডেস্ক : ভাৰতত নহয়, এইবাৰো আই পি এলত নিলাম অনুষ্ঠিত হ'ব পাবে বিদেশৰ মাটিত। যোৱা দুটা সংস্কৰণৰ নিলাম ক্রমে ডুবাই আৰু জেদ্দাত অনুষ্ঠিত হৈছিল। এইবাৰো হয়তো মধ্য প্রাচাৰ এখন চহৰত ভাৰতীয় আৰু বিদেশী ক্রিকেটাৰৰ ভাগ্য নির্ণয় হ'ব। 

জানিব পৰা মতে, ভাৰতীয় ক্রিকেট ব'র্ডে ইউ এ ইৰ লগতে কুৱেইট আৰু কাটাবৰ দৰে দেশত নিলাম আয়োজনৰ বাবে চিন্তা চর্চা কৰিছে। এই বছৰৰ ডিচেম্বৰত আই পি এলৰ নিলাম অনুষ্ঠিত হোৱাৰ কথা আছে। সেই সময়ত ভাৰতত বিভিন্ন অনুষ্ঠান আৰু বিবাহৰ ছিজন হোৱাৰ বাবে হোটেল বুকিং সংক্রান্তত সমস্যাৰ সম্মুখীন হ'বলগীয়া হয়। 

মূলতঃ এই বিষয়টোৰ কথা মনত ৰাখিয়েই যোৱা দুবছৰত বিদেশত নিলামৰ আয়োজন কৰিছিল। বিশ্বৰ বিভিন্ন প্রান্তৰৰ পৰা মধ্য প্রাচ্যৰ দেশসমূহত যাতায়াত কৰাটোও সুবিধাজনক। ইয়াৰ উপৰি, মধ্য প্ৰাচ্যৰ বজাৰত আই পি এলৰ প্রচাৰ বুদ্ধিৰ ক্ষেত্ৰতো এই নিলামৰ ভূমিকা আছে। সেয়ে, সকলো দিশ বিবেচনা কৰি এইবাৰো আই পি এলৰ নিলাম বিদেশৰ মাটিত আয়োজন কৰিবলৈ প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

Share This