ডিজিটেল ডেস্ক : মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা বাদ দিয়াৰ বিতৰ্কৰ পাছত নতুন পদক্ষেপ গ্রহণ কৰিছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে। ভাৰতত হ'বলগীয়া টি-২০ বিশ্ব কাপলৈ ইতিমধ্যেই দল প্রেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল বাংলাদেশ ক্রিকেট ব'র্ডে। কেৱল এইবাবেই নহয়, অনির্দিষ্ট কাললৈ দেশখনত আই পি এলৰ সম্প্রচাৰ বন্ধ কৰি দিয়া হৈছে।
সোমবাৰে মহম্মদ ইউনুছৰ নেতৃত্বাধীন চৰকাৰখনে এক অধিসূচনা জাৰি কৰি কয় যে পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত আই পি এলৰে জড়িত কোনো বিষয় সম্প্ৰচাৰ কৰিব নোৱাৰিব। একে সময়তে বাংলাদেশত আই পি এলৰ সম্প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা অত্যাচাৰে কিছুদিনৰ পৰা দুয়োখন দেশৰ ৰাজনৈতিক, সামাজিক সম্পর্কত প্রভাৱ পেলাই আহিছে।
ইয়াৰ মাজতে শনিবাৰে বাংলাদেশৰ ক্রিকেটাৰ মুস্তাফিজুৰক কে কে আৰ দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লয় বি চি চি আয়ে। ইয়াৰ পাছতেই দুয়োখন দেশৰ ক্রিকেট সম্পর্কক কেন্দ্র কৰি নিত্য-নতুন জটিলতাৰ সৃষ্টি হয়। মুস্তাফিজুৰক বাদ দিয়াৰ বাবে ভাৰতীয় ব'র্ডৰ ওপৰত ক্ষুব্ধ হৈ বাংলাদেশে দল প্রেৰণ নকৰাৰ সিদ্ধান্ত লয়।