এইবাৰ ৰিংকুক চৰ শোধালে কুলদীপে

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্ক : আই পি এললৈ পুনৰ ঘূৰি আহিল চৰ শোধোৱাৰ কাণ্ড। মঙলবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখনৰ অন্তত কে কে আৰৰ ৰিংকু সিঙক খেলপথাৰত চৰ শোধালে দিল্লীৰ কুলদীপ যাদৱে। এই ঘটনা কেমেৰাত ধৰা পৰিল। কুলদীপে হয়তো ধেমালিতে ৰিংকুক চৰ মাৰিছিল। কিন্তু ৰিংকুৰ মুখৰ চাৱনিৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ সেই ঘটনা ভালভাৱে লোৱা নাছিল। প্রতিখন আই পি এলৰ খেলৰ শেষত দুয়োটা দলৰ ক্রিকেটাৰে খেলপথাৰত থিয় হৈ কথা পাতে। কেতিয়াবা একেখন ৰাজ্যৰ ক্ৰিকেটাৰ একেলগে থিয় হয়। 

বিদেশী ক্রিকেটাৰেও নিজৰ দেশৰ সতীৰ্থৰ সৈতে আড্ডা মাৰে। কেৱল ক্রিকেটাৰেই নহয় প্রশিক্ষক, সহায়ক কৰ্মচাৰী আনকি দলৰ স্বত্বাধিকাৰীও আলোচনাত ব্যস্ত হয়। দিল্লী-কলকাতাৰ খেলৰ পাছতো একেই দৃশ্য দেখা গ'ল। খেলৰ অন্তত উত্তৰ প্ৰদেশৰ ক্রিকেটাৰসকলে এটা স্থানত থিয় হৈ কথা পাতি আছিল। ৰিংকু আৰু কুলদীপ তাতেই আছিল। দুয়ো উত্তৰ প্ৰদেশৰ হৈ ঘৰুৱা ক্রিকেট খেলে। খেলখনত জয়লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰিছিল ৰিংকুৱে। হাঁহি আছিল তেওঁ। হঠাৎ ওচৰতে থিয় হৈ থকা কুলদীপে ৰিংকুক চৰ মাৰে। কুলদীপৰ ফালে চাই এনে লাগিল যেন তেওঁ ধেমালিতে সেই ঘটনাটো ঘটালে। ৰিংকুই হাঁহি থকাৰ বাবেই হয়তো কুলদীপে তেনে আচৰণ কৰিলে। কিন্তু ৰিংকুৱে কুলদীপৰ আচৰণক ভালভাবে লোৱা নাছিল। হঠাৎ চৰ খোৱাৰ পাছত তেওঁ প্রথমে বুজিবলৈ চেষ্টা কৰে যে কুলদীপে কিয় তেনেকুৱা কৰিলে। তেওঁকে কিবা এটা কোৱা দেখা যায়। ঠিক তেনে সময়তে কোনোবাই আকৌ চৰ মাৰিবলৈ গ'ল। কে কে আৰৰ ৰিংকুৰ সেই কথাত অলপ খং উঠিল। 

অৱশ্যে, দ্বিতীয়বাৰ কোনে তেওঁক চৰ মাৰিবলৈ উদ্যত হৈছিল সেয়া ভিডিঅ'টোত স্পষ্ট নহয়। এই ঘটনাই ২০০৮ চনৰ স্মৃতি ঘূৰাই আনিলে। সেইবাৰ মুম্বাই আৰু পঞ্জাবৰ খেলৰ অন্তত মুম্বাইৰ হৰভজন সিঙে পঞ্জাবৰ এছ শ্রীসন্তক চৰ মাৰিছিল। খেলপথাৰতে চকুলোৰে ভাগি পৰিছিল শ্রীসন্ত। যুবৰাজ সিঙে তেওঁক সান্ত্বনা দিছিল। সেই ঘটনাৰ বাবে হৰভজনক নিষিদ্ধ কৰা হৈছিল। পাছত সেই ঘটনাটোৰ বাবে শ্রীসন্তৰ ওচৰত বহুবাৰ ক্ষমা খুজিছিল হৰভজনে। কুলদীপে হয়তো তেনেকুৱা কৰিব নালাগিব। কাৰণ এতিয়ালৈকে উক্ত ঘটনাটোৰ বাবে ৰিংকু অথবা কে কে আৰৰ কৰ্তৃপক্ষই কুলদীপৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাই। ইফালে, ধেমালিতে উক্ত ঘটনাটো ঘটিল বুলি কে কে আৰৰ তৰফৰ পৰা জনোৱা হৈছে। সেই বিতর্ক নাকচ কৰিলে দুয়ো পক্ষই।

Share This