ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ যুদ্ধখনে এদিন, দুদিনকৈ এসপ্তাহত ভৰি দিলে। আমেৰিকা আৰু ইজৰাইলে যিখন ইৰানক সহজে বশ কৰিব পাৰিম বুলি ভাবিছিল, সেই ইৰানেই এতিয়া ঢোকে ঢোকে পানী খুৱাইছে যুদ্ধবাজ দেশ দুখনক। ইৰানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নৰ আক্রমণত কার্যতঃ দিশহাৰা হৈ পৰিছে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকা। দুয়ো পক্ষই ক্ষান্ত হোৱাৰ কোনো সদিচ্ছা নেদেখুওৱাত এই যুদ্ধ দীঘলীয়া হোৱাৰ আশংকা কৰা হৈছে। যুদ্ধ চলাই যাবলৈ কাৰ ওচৰত কিমান অস্ত্র-শস্ত্র আছে, সেইটোও অন্যতম বিচার্য বিষয়।
আমেৰিকাৰ চেন্ট্রেল কমাণ্ড (চেণ্টকম)ৰ তথ্য অনুসৰি আমেৰিকাই এতিয়ালৈকে এই যুদ্ধত ৫০ হাজাৰ গোলা-বাৰুদ, ২০০ যুঁজাৰু বিমান আৰু দুখন বিমান পৰিবাহী যুঁজাৰু জাহাজ ব্যৱহাৰ কৰিছে। ইৰান আক্ৰমণত আমেৰিকাই বি-২ ষ্টিল্থ বোমাৰু, বি-১ বোমাৰু, এফ-১৫, এফ-১৬,
এফ-২২ এফ-৩৫ যুঁজাৰু বিমান আদিৰ ব্যৱহাৰ কৰিছে। ইফালে ইজৰাইলে এতিয়ালৈকে ৪০০০ বিভিন্ন অস্ত্র, মিছাইল, ড্ৰ'নেৰে ইৰানত আঘাত হানিছে। ইৰানে আকৌ ২০০০ ড্র'ন আৰু ৫০০ বেলিস্টিক মিছাইলেৰে আমেৰিকা ইজৰাইলৰ লগতে তেওঁলোকৰ মিত্র দেশসমূহত আক্রমণ চলাইছে।
এতিয়ালৈকে যুদ্ধখনত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ হোৱা নাই যদিও আমেৰিকা হৈছে বিশ্বৰ দ্বিতীয় সর্বাধিক পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত দেশ। আমেৰিকাৰ হাতত প্রায় ৫,১১৭টা পাৰমাণৱিক অস্ত্র মজুত থকাৰ বিপৰীতে ইজৰাইলৰ আছে প্রায় ৯০টা পাৰমাণৱিক অস্ত্র। ইফালে ইৰানৰ পাৰমাণৱিক অস্ত্ৰৰ তথ্য নাই যদিও পৰম্পৰাগত অস্ত্র-শস্ত্ৰৰ ক্ষেত্ৰত ইৰানৰ অস্ত্ৰ ভাণ্ডাৰ অতি চহকী। ৩০০ কিল'মিটাৰৰ পৰা ২,৫০০ কিল'মিটাৰ দূৰত্বত আঘাত হানিব পৰাকৈ ইৰানৰ আছে বেলিষ্টিক আৰু ক্রুজ মিছাইল।