ডিজিটেল ডেস্ক : পাৰমাণবিক চুক্তিব বিষয়ত ইৰান আৰু আমেৰিকাৰ মাজত ৰোমত শনিবাৰে হ'বলগীয়া চতুৰ্থলানি আলোচনাৰ দিন পিছুৱাই দিয়া হৈছে। ওমানৰ মধ্যস্থতাত এই আলোচনা হোৱাৰ কথা আছিল। ইৰানৰ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই বৃহস্পতিবাৰে সংবাদ মাধ্যমক কয় যে আলোচনাৰ বাবে এটা নতুন দিন ধাৰ্য কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিছে।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে হুংকাৰ দি কয় যে যিখন দেশেই ইৰানৰ তেল ক্ৰয় কৰিব, সেই দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ইবানৰ সৈতে পাৰমাণবিক চুক্তি বিষয়ক আলোচনা স্থগিত ৰখাৰ পাছতেই মার্কিন বাষ্ট্রপতিজনে এনেদৰে হুংকাৰ দিয়ে।
ট্রাম্পে সামাজিক মাধ্যমত কয় যে ইৰানৰ পৰা তেল আৰু পেট্রলিয়াম সামগ্রী ক্ৰয় কৰাটো বন্ধ কৰক। যিখন ব্যক্তিয়ে ইৰানৰ পৰা তেল ক্রয় কৰে, দেশে বা যি তেওঁলোকে আমেৰিকাৰ সৈতে ব্যৱসায় কৰিব নোৱাৰিব বুলি ট্রাম্পে কয়। ওমানে আনুষ্ঠানিকভারে আলোচনাখন স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰাৰ পাছতেই মার্কিন ৰাষ্ট্ৰপতিজনে এনেদৰে কঠোৰ মন্তব্য কৰে।