ডিজিটেল ডেস্ক : আমেৰিকাৰ আক্রমণৰ প্রতিশোধকল্পে ইৰানে বিশ্বৰ গুৰুত্বপূর্ণ বাণিজ্য পৰিবহণ জলপথ হৰমুজ প্রণালী বন্ধ কৰি দিছিল। শুকুৰবাৰে সাময়িকভাৱে হৰমুজ প্রণালী মুকলি কৰি দিছিল যদিও শনিবাৰে পুনৰ এই গুৰুত্বপূর্ণ জলপথ বন্ধ কৰি দিয়ে ইৰানে। হৰমুজ প্রণালীত মার্কিন সেনাই আগ্রাসন অব্যাহত ৰখাৰ দোহাই দি ইৰানে কালি পুনৰ হৰমুজ প্রণালী বন্ধ কৰি দিয়ে। কিন্তু সমগ্র বিশ্বকে সংকটাপন্ন কৰি ইৰানে কেনেকৈ এই হৰমুজ প্রণালীত নজৰ ৰাখিছে আৰু মার্কিন নৌ সেনাক হৰমুজ প্রণালীত আধিপত্য বিস্তাৰ কৰিবলৈ দিয়া নাই। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে প্রকাশ কৰা বাতৰি অনুসৰি, এই গুরুত্বপূর্ণ জলপথটো নিজৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে ইৰানে 'মচ্কীট' ফ্লীট'ৰ (মহ জাহাজ) সৰু সৰু জাহাজৰ আশ্রয় লৈছে। এই 'মচ্কীট' ফ্লীট' হৈছে কিছুমান সৰু, দ্রুত আৰু উন্নত প্রযুক্তিৰ জাহাজ, যিবোৰ ইৰানে হৰমুজ প্রণালীৰ সমীপত শত্রুৰ জাহাজক নিৰীক্ষণ আৰু আক্রমণ কৰিবলৈ মোতায়েন কৰি ৰাখিছে।
সাগৰৰ ঠেক জলপথেৰে দ্রুতগতিত চলাচল কৰাৰ বাবে এই 'মচ্কীট' ফ্লীট'বোৰ ডিজাইন কৰা হৈছে। ইৰানে আই আৰ জি চিৰ নিয়ন্ত্রিত এই 'মচ্কীট' ফ্লীট'বোৰ হৈছে সশস্ত্র নাও। এই সৰু সৰু জাহাজবোৰৰ পৰা গ্রেনেড নিক্ষেপ আৰু মেচিন গানেৰে গুলীয়াব পৰা যায় আৰু ইয়াৰ পৰা ড্র'নৰে আক্রমণো কৰিবলৈ সক্ষম। মার্কিন নৌ সেনাক প্রতিহত কৰাৰ বাবে এই 'মচ্কীট' ফ্লীট'ৰে ইৰানী আই আৰ জি চিয়ে ৰকেটযুক্ত গ্রেনেড, ড্র'ন আদি নিক্ষেপ কৰি আছে। উল্লেখযোগ্য যে আমেৰিকাৰ শক্তিশালী নৌ সেনাক প্রতিহত কৰি ৰাখিবলৈ সক্ষম হোৱা এই 'মচ্কীট' ফ্লীট'বোৰ প্রতি ঘণ্টাত ১৮৫ কিল'মিটাৰ বেগত চলাচল কৰিব পাৰে। এই সৰু সৰু যুঁজাৰু জাহাজবোৰ ইছলামিক ৰিভ'লুশ্যনাৰী গার্ড কর্পছে নিয়ন্ত্রণ কৰি আছে আৰু ইৰানৰ নিয়মীয়া সেনাৰ এটা সমান্তৰাল বাহিনীয়ে এই জাহাজবোৰক পৰিচালনা কৰে। ইৰানী নৌ সেনাৰ এই সামৰিক যুদ্ধ সামগ্রীবিধ ১৯৮০ চনতে বিকশিত কৰা হৈছিল আৰু সাগৰত অগতানুগতিক যুদ্ধ কৌশলত ইয়াক ব্যৱহাৰ কৰি আহিছে ইৰানে। আই আৰ জি চিয়ে এই সৰু সৰু জাহাজবোৰ হৰমুজ প্রণালীৰ মাজেৰে যাতায়াত ব্যাহত কৰাত আৰু অৱৰোধ কৰাত ব্যৱহাৰ কৰি আছে। যুদ্ধ বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে ইৰানী সেনাই এই 'মচ্কীট' ফ্লীট 'বোৰ 'হিট এণ্ড ৰান' যুদ্ধ কৌশলত ব্যৱহাৰ কৰি আছে। ব্যাপক পৰিসৰত সাগৰীয় যুদ্ধ কৰাৰ বিপৰীতে এই সৰু সৰু জাহাজেৰে আক্রমণ কৰি ততালিকে সেই ঠাই পৰিত্যাগ কৰাৰ কৌশল লৈছে ইৰানী নৌ সেনাই।
উল্লেখযোগ্য যে শত্রুপক্ষৰ পৰা আঁতৰৰ গোপন স্থানত অৱস্থান কৰি এই 'মচ্কীট' ফ্লীট'ৰ পৰা ইৰানে ক্ষেপণাস্ত্ৰ আৰু ড্র'ন নিক্ষেপ কৰে আৰু সেইবাবেই আমেৰিকাৰ নৌ-সেনাৰ বাবে এই 'মচ্কীট' ফ্লীট' ত্ৰাসৰ কাৰণ হৈ পৰিছে। বর্তমান চলি থকা যুদ্ধৰ সময়ত প্রায় ৩০খন শত্রু জাহাজত এই 'মচ্কীট' ফ্লীট' আক্রমণ চলাইছে। আনহাতে, হৰমুজ প্রণালী পাৰ হ'বলৈ চেষ্টা কৰা বিভিন্ন দেশৰ বাণিজ্য জাহাজবোৰৰ বাবেও মুৰৰ কামোৰণি হৈছে এই 'মচকাট' ফ্লীট'। উল্লেখৰ প্রয়োজন যে এই সৰু সৰু যুঁজাৰু জাহাজবোৰক চিনাক্ত কৰাটো কঠিন কাম আৰু ইয়াৰ পৰা অহা আক্রমণ প্রতিহত কৰাটোও জটিল।