দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ, হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে

dainik janambhumi April 19, 2026

ডিজিটেল ডেস্ক: ইৰানৰ বন্দৰসমূহৰ পথত আমেৰিকাই নৌ-অৱৰোধ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত ইৰানে শনিবাৰে হৰমুজ প্রণালী পুনৰ বন্ধ কৰি দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ বন্দৰসমূহৰ বিৰুদ্ধে আৰব সাগৰত নৌ-অৱৰোধ অব্যাহত থাকিব বুলি ভাবুকি দিয়াৰ পাছতে ইৰানৰ সেনা বাহিনীয়ে কয় যে ৰণকৌশলগত উক্ত প্রণালী এতিয়া 'পূৰ্বৰ অৱস্থালৈ ঘূৰি গ'ল।' 

ইৰানৰ খাতাম আল আনবিয়া চেণ্ট্ৰল হেড কোৱাৰ্টাৰে কয় যে উক্ত প্রণালী বৰ্তমান ইৰানী সেনাৰ কঠোৰ নিয়ন্ত্ৰণত আছে। উল্লেখযোগ্য যে হৰমুজ প্রণালী 'সম্পূর্ণ মুক্ত' বুলি ইৰানে ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে পুনৰ উক্ত প্ৰণালী বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। 

ভাৰতৰ কেইবাখনো জাহাজৰ যাত্ৰাত ব্যাঘাত । আমেৰিকাই ইৰানৰ বন্দৰবোৰৰ পথত নৌ-অৱৰোধ আৰম্ভ কৰাৰ পাছত ২১খন জাহাজ পুনৰ ইৰানলৈ উভতি যাবলৈ বাধ্য হৈছে। শনিবাৰে আমেৰিকাৰ মুখ্য কমাণ্ড (চেণ্টকম)-এ এই কথা প্রকাশ কৰে। 

চেণ্টকমৰ মতে গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ ইউ এছ এছ মাইকেল মাফীয়ে আৰব সাগৰত পহৰা দি ঘূৰি ফুৰিছে। ইফালে ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ আগতে প্ৰকাশ পোৱা এটা বাতৰি মতে শনিবাৰে পাৰস্য উপসাগৰত কেইবাখনো ভাৰতীয় তেলবাহী জাহাজ হৰমুজ প্রণালীৰ পৰা যাত্ৰা আৰম্ভ কৰিও পুনৰ উভতি যায়।

Share This