দীর্ঘদিন যুঁজিবলৈ ক্ষেপণাস্ত্র-ড্র'ন আছে ইৰানৰ

dainik janambhumi April 23, 2026

ডিজিটেল ডেস্ক : ইৰানৰে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু তেওঁৰ প্ৰতিৰক্ষা সচিব পীট হেগছেথে দাবী কৰিছিল যে ইৰানী বায়ু সেনা সম্পূর্ণ বিধ্বস্ত হৈছে আৰু নৌ সেনা সাগৰৰ তলিত বিলুপ্ত হৈছে। কিন্তু বাস্তব সত্যটো হৈছে কেইবা সপ্তাহ ধৰি আমেৰিকা-ইজৰাইলৰ সামৰিক বাহিনীৰ ইৰানৰ ভূখণ্ডত প্রবল আক্রমণৰ পাছতো ই বানী সেনাৰ সহস্রাধিক ক্ষেপণাস্ত্র আৰু কামিকাজে ড্র'ন অক্ষত অৱস্থাত মজুত হৈ আছে। মধ্য প্রাচ্যৰ যুদ্ধত ইৰানৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিজয়ৰ দাবী কৰিলেও, তেওঁৰ দাবীৰ বিপৰীতে ইৰানী অস্ত্র ভাণ্ডাৰৰ বিষয়ত এই প্রতিবেদন দিছে খোদ আমেৰিকাৰে চোৰাংচোৱা সংস্থাই। 

বিজনেছ ইনছাই ডাৰে প্রকাশ কৰা বাতৰিত মার্কিন প্রতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক তথা মেৰাইন কর্পছৰ লেফটেনেন্ট জেনেৰেল জেমছ আদমছৰ উদ্ধৃতিৰে কোৱা হয় যে তেহবানত এতিয়াও সহস্রাধিক ক্ষেপণাস্ত্র আৰু ড্র'ন মজুত আছে। এই ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নবোৰ নিৰৱচ্ছিন্নভাৱে মধ্য প্রাচ্যত থকা মার্কিন ঘাটিবোৰলৈ ভাবুকি কঢ়িয়াই আছো যোৱা সপ্তাহত আমেৰিকাৰ সশস্ত্র সেৱাৰ সমিতিৰ সম্মুখত আদমছে এই ঘোষণা কৰে। 

মার্কিন সামৰিক বিষয়াসকলৰ মতে, ইৰানে প্রতিকূল পৰিস্থিতি সত্ত্বেও ইয়াৰ অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰ অক্ষত অৱস্থাত মজুত ৰাখিছে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চি এন এনে যোৱা সপ্তাহত বাতৰি প্ৰকাশ কৰিছিল যে ইৰানৰ আধাসংখ্যক ক্ষেপণাস্ত্র এতিয়াও অক্ষত অৱস্থাত মজুত আছে। পাঁচ সপ্তাহজুৰি ইজৰাইল-আমেৰিকাৰ আক্ৰমণক প্রতিহত কৰা আৰু মধ্য প্রাচ্যৰ বিভিন্ন মার্কিন ঘটিত আক্ৰমণ কৰাৰ পাছতো ই বানৰ সহস্রাধিক ক্ষেপণাস্ত্র আৰু ড্র'ন মজুত আছে। বিশেষকৈ বৃহৎ হাৰত ইৰানৰ উপকূলীয় প্রতিৰক্ষা ক্রুজ মিছাইল মজুত আছে।

Share This