মোল্লা-বিৰোধী বিক্ষোভত জ্বলিছে ইৰান

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক : প্রবল চৰকাৰ বিৰোধী প্রতিবাদে জোকাৰণিৰ সৃষ্টি কৰিছে ইৰানত। ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পাছত দেশখনত প্ৰথমবাৰৰ বাবে হোৱা ব্যাপক প্রতিবাদে আয়াতুল্লা খামেনীৰ শাসনতো জোকাৰণিৰ সৃষ্টি কৰিছে। ক্ৰমাৎ ৰক্তাক্ত হৈ পৰা এই বিশাল প্রতিবাদে কালি সপ্তম দিনত ভৰি দিয়ে আৰু দিন বঢ়াৰ লগে লগে প্রতিবাদত অংশ গ্রহণ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। ইফালে প্ৰতিবাদকাৰীক কৰা আক্ৰমণত ক্ষুব্ধ হৈ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনত হস্তক্ষেপৰ ভাবুকি দিয়ে। উল্লেখযোগ্য যে ১৯৭৯ চনত তেতিয়াৰ ইৰানৰ শ্বাহ মহম্মদ ৰেজা পাহলাৱিৰ শাসনৰ অন্ত পৰাৰ পাছত দেশখনত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত চৰকাৰ বিৰোধী আন্দোলনে গা কৰি উঠে। দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীৰ বিৰুদ্ধে প্রথমে তেহৰানত আৰম্ভ হোৱা এই আন্দোলন এতিয়া প্রায় ৩০খন মহানগৰলৈ প্ৰসাৰিত হৈছে। ইয়াৰ ভিতৰত ইৰানৰ শাসক ছিয়া মৌলবীৰ দুৰ্গ বুলি গণ্য কৰা কোম মহানগৰো আছে। প্ৰথম অৱস্থাত এই আন্দোলন আৰম্ভ হৈছিল মূল্যবৃদ্ধি আৰু দেশৰ শোচনীয় অর্থনৈতিক অৱস্থাক লৈ, কিন্তু লাহে লাহে ই খামেনীৰ বিৰুদ্ধে আন্দোলনৰ ৰূপ লৈছে আৰু সমগ্র দেশলৈ প্ৰসাৰিত হৈছে। প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে সাতজন লোকৰ মৃত্যু হৈছে।

প্রতিবাদকাৰীয়ে ইৰানত মোল্লাগিৰি নচলিব, মোল্লাসকলে ইৰান ত্যাগ কৰিবই লাগিব, স্বেচ্ছাচাৰী শাসকৰ মৃত্যু হওক শ্ল'গান দিয়াৰ লগতে জাৱিদ শ্বাহ অমৰ হওক, শ্বাহ অমৰ হওক শ্ল'গান দিয়ে। দেশখনৰ ৩১খন প্ৰদেশৰ ভিতৰত ২১খনত এতিয়া কামেনী বিৰোধী আন্দোলন চলি আছে। ইৰান ইণ্টাৰনেশ্যনেলে প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে প্রতিবাদকাৰীয়ে খামেনী বিৰোধী আৰু ৰজাৰ সমর্থনত শ্ল'গান দিয়ে। কালি প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত পাঁচজন প্রতিবাদকাৰী আৰু এজন নিৰাপত্তাৰক্ষী নিহত হয়। ইয়াৰ আগতে যোৱা ৩১ ডিচেম্বৰতো এজন লোকৰ মৃত্যু হৈছিল। দেশখনত এতিয়া প্রতিবাদে ইমানেই ব্যাপক ৰূপ লৈছে যে দোকান-পোহাৰ, বিশ্ববিদ্যালয়সমূহকে ধৰি শৈক্ষিক প্রতিষ্ঠান বন্ধ হৈ পৰিছে। দেশখনত হোৱা এই প্রতিবাদে সর্বোচ্চ নেতা খামেনীৰ প্ৰতি তীব্র প্রত্যাহবানৰ সৃষ্টি কৰিছে। চৰকাৰে প্রতিবাদ সীমিত ৰূপত হোৱা বুলি দাবী কৰিলেও জনসাধাৰণৰ মাজত চৰকাৰৰ প্ৰতি উঠলি উঠা ক্ষোভ আৰু পথসমূহত হোৱা বিশাল প্রতিবাদে খামেনী নেতৃত্বৰ শাসনৰ অন্ত পৰাৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। দেশখনত প্রথমতে ব্যৱসায়ীসকলে আৰম্ভ কৰা এই আন্দোলনত এতিয়া সৰ্বস্তৰৰ লোকে অংশ গ্রহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ চৌহদ দখল কৰে। আনহাতে প্ৰতিবাদকাৰীয়ে কেইবাখনো মহানগৰত পথসমূহ অৱৰোধ কৰি আছে। বিভিন্ন স্থানত নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হোৱাৰ বাতৰি পোৱা গৈছে। প্রতিবাদ প্রশমিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কেইবাটাও পদক্ষেপ গ্রহণ কৰে। তেওঁ কেন্দ্ৰীয় বেংকৰ নতুন মুৰব্বী নিযুক্ত কৰাৰ লগতে শীর্ষ পৰ্যায়ৰ বিষয়াৰ সালসলনি কৰে। উল্লেখযোগ্য যে দেশখনৰ অৰ্থনৈতিক অৱস্থা এতিয়া অতি শোচনীয়। ইজৰাইল আৰু আমেৰিকাৰ সৈতে হোৱা যুদ্ধই দেশখনৰ অৰ্থনীতিক অধিক শোচনীয় কৰি তোলে। এতিয়া এক ডলাৰ মূল্য হৈছেগৈ প্রায় ৪২ হাজাৰ ৰিয়াল। ইফালে দেশখনৰ প্রতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানত হস্তক্ষেপ কৰাৰ ইংগিত দিয়ে।

ট্রাম্পে ইৰানক এই বুলি সতৰ্ক কৰি দিয়ে যে যদিহে শান্তিপূর্ণ প্রতিবাদকাৰীক হত্যা কৰা হয় তেতিয়া ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ আমেৰিকা সম্পূৰ্ণৰূপে সাজু হৈ আছে। ট্রাম্পে কয়, 'যদি ইৰানে শান্তিপূর্ণ প্ৰতিবাদকাৰীৰ ওপৰত গুলী চালনা কৰে, বৰ্বৰভাৱে হত্যা কৰে, তেতিয়া তেওঁলোকক সহায় কৰিবলৈ আমেৰিকা আগবাঢ়ি আহিব। আমি সম্পূৰ্ণৰূপে সাজু।' ইফালে ট্রাম্পৰ সকীয়নিৰ পাছত ইৰানে এই বুলি কয় যে দেশখনত চলি থকা প্ৰতিবাদত আমেৰিকাই হস্তক্ষেপ কৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। খামেনীৰ এজন জ্যেষ্ঠ উপদেষ্টাই কয় যে আমেৰিকাৰ হস্তক্ষেপে দেশখনত সম্পূৰ্ণৰূপে অৰাজকতাৰ সৃষ্টি কৰিব।

Share This