ডিজিটেল ডেস্ক: ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুক অনুসৰণ কৰাটো অব্যাহত ৰখা তথা হত্যা কৰাৰ সংকল্পৰ কথা প্রকাশ কৰে।
তদুপৰি আই আৰ জি চি-এ তেওঁলোকে মধ্যপ্রাচ্যত থকা আমেৰিকাৰ তিনিটা সামৰিক ঘাটিত মিছাইল আৰু ড্ৰ'নেৰে আক্ৰমণ কৰা বুলিও দাবী কৰে। এটা বিবৃতিত আই আৰ জি চি-এ নেটান্যাহুলৈ প্রত্যক্ষভাৱে ভাবুকি দিয়ে। আই আৰ জি চি-এ ঘোষণা কৰে, 'যদি ইজৰাইলী প্রধানমন্ত্রীজন এতিয়াও জীয়াই আছে আমি তেওঁক অনুসৰণ কৰাটো অব্যাহত ৰাখিম আৰু সম্পূৰ্ণ শক্তিৰে তেওঁক হত্যা কৰিম।'
উল্লেখযোগ্য যে আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ ইৰানে কৰা প্ৰতি-আক্ৰমণত নেটান্যাহুৰ মৃত্যু হৈছিল বুলি অনলাইনত কিছু কিছুৱে দাবী কৰিছিল। কিন্তু দিনটোৰ আগভাগত ইজৰাইলী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উক্ত বাতৰি নাকচ কৰিছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাৰ্যালয়টোৱে কৈছিল, 'এইবোৰ ভুৱা বাতৰি, প্রধানমন্ত্রীজন কুশলে আছে।'