ইৰান, ইজৰাইল-আমেৰিকাৰ ১৪ দিনীয়া যুদ্ধ বিৰতি

dainik janambhumi April 09, 2026

ডিজিটেল ডেস্ক : ইৰান আৰু আমেৰিকা-ইজৰাইলৰ ১৪ দিনীয়া এক যুদ্ধ-বিৰতিৰ প্রস্তাৱত সন্মত হৈছে। ইৰানৰ সম্পূৰ্ণ সভ্যতা বিধ্বস্ত কৰি পেলোৱাৰ ভাবুকিৰ সময়সীমা উকলাৰ দুঘণ্টাৰ আগে আগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই ঘোষণা কৰে। ট্রাম্পৰ এই ঘোষণাৰ পাছত সমগ্র বিশ্বই স্বস্তিৰ  নিশ্বাস পেলায়। উল্লেখযোগ্য যে ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা প্রচণ্ড যুদ্ধই সমগ্র বিশ্বৰ বাবে সংকটৰ সৃষ্টি কৰিছিল। এই যুদ্ধ অধিক দিন চলি থকা হ'লে বিশ্বত এক গভীৰ তথা শোচনীয় অৱস্থাৰ সৃষ্টি হ'লহেঁতেন। যুদ্ধ-বিৰতিৰ প্ৰথম চৰ্ত হৈছে ইৰানে হৰমুজ প্রণালী মুকলি কৰি দিব লাগে। ইৰানে এই চর্তত সন্মতি জনোৱা বুলি প্রকাশ পাইছে। অৱশ্যে এতিয়াও আন কেইবাটাও বিষয়ত এতিয়াও মত পার্থক্য আছে বুলি জনা গৈছে আৰু দুয়োপক্ষই আলোচনাৰ মাধ্যমেবে এই মতভেদ দূৰ কৰাৰ চেষ্টা কৰিব। ইৰানে আগবঢ়োবা দহ দফীয়া প্রস্তাব বাষ্ট্রপতি ট্রাম্পে প্রথমে বিভ্রান্তিকৰ বুলি অভিহিত কৰে, কিন্তু পাছত পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফ আৰু দেশখনৰ ফিল্ড মাৰ্শ্বাল আছিম মুনিৰৰ অনুৰোধৰ পাছত ট্রাম্পে এই প্রস্তাবটো 'বিবেচনা কৰি চোৱাৰ বাবে উপযুক্ত' বুলি মানি লয় আৰু ইৰানত সামৰিক অভিযান বন্ধ ৰখাৰ সিদ্ধান্ত লয়। অৱশ্যে বিশেষজ্ঞসকলে কয় যে বাষ্ট্রপতি ট্রাম্পে ইৰানক মহাবিনাশৰ ভাবুকি দিলেও নিজৰ হোৱা ক্ষতিৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ চর্তত সেও মানিবলৈ বাধ্য হয়। 

ৰাষ্ট্রপতি ট্রাম্পে মঙলবাৰে এটা ঘোষণাত কয় যে ইৰানৰ সৈতে দুই সপ্তাহৰ যুদ্ধ-বিৰতিত সন্মতি জনোৱা হৈছে। তেওঁ এই ঘোষণা কৰে ইৰানৰ সম্পূর্ণ সভ্যতাৰ বিনাশ কৰাৰ বাবে বান্ধি দিয়া আমেৰিকাৰ সময় মতে নিশা ৮ বজাৰ সময়সীমাৰ দুঘণ্টাৰ আগে আগে। ট্রাম্পে কয় যে ইৰানে কৌশলগতভাৱে গুৰুত্বপূর্ণ হৰমুজ প্রণালী পুনৰ মুকলি কৰি দিবলৈ সম্মতি জনোৱাৰ চৰ্তত এই যুদ্ধ-বিৰতিত সম্মতি জনোৱা হৈছে। তেওঁ সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয় যে ইৰানৰ তৰফৰ পৰা তেওঁ দহ দক্ষীয়া যুদ্ধ-বিবতিৰ প্রস্তাৱ লাভকৰিছে। তেওঁ লগতে এই কথাও উল্লেখ কৰে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফ অনুৰোধৰ পাছত এই যুদ্ধ-বিৰতি ঘোষণা কৰা হৈছে। চি এন এনে প্রকাশ কৰা এটা বাতৰিত হোৱাইট হাউছৰ এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি কয় যে ৰাষ্ট্রপতি ট্রাম্পব যুদ্ধ-বিৰতিৰ ঘোষণাত ইজৰাইলো চামিল হৈ আছে। যুদ্ধ-বিবতিব প্রস্তাব অনুসনি ইৰানে হৰমুজ প্রণালী পুনৰ মুকলি কৰি দিব লাগিব, অন্যথা দেশখনৰ নাগৰিক আন্তঃগাঁথনিত প্রচণ্ড সামৰিক আক্রমণ কৰা হ'ব। চি এন এনে বাতৰিটোত লগতে প্রকাশ কৰে যে আলোচনা চলি থকালৈকে ইজয়াইলী প্রতিৰক্ষা বাহিনীয়ে ইৰানত বোমা বর্ষণ বন্ধ ৰখাত সন্মতি জনাইছে। ৰাষ্ট্রপতি ট্রাম্পে কয় যে আমেৰিকাই আগতেই সকলো লক্ষ্যত উপনীত হৈছে আৰু ইৰানৰ সৈতে দীর্ঘম্যাদী এক শান্তি চুক্তিৰ কাষ চাপিছে। তেওঁ ইৰানৰ দহ দফীয়া প্রস্তাৱ আলোচনাৰ বাবে এক ব্যাৱহাৰিক ভিত্তি বুলি গ্রহণ কৰে, কিয়নো অধিকাংশ বিবদমান বিষয়ৰ আগতেই সমাধান কৰা হৈছে। তেওঁ কয় যে এই চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ বাবে দুসপ্তাহৰ সময় লোৱা হৈছে। 

ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰি কয়, 'এতিয়া আমেৰিকা আৰু ইৰানে একেলগে কাম কৰিব।' তেওঁ ইয়াক ক্ষমতাৰ পৰিৱর্তন হোৱা বুলি দোহাৰি কয় যে দেশখনে সমৃদ্ধ ইউৰেনিয়াম বাহিৰলৈ উলিয়াই অনাৰ কথাও কৈছে। ইয়াৰ লগতে তেওঁ এই বুলিও ঘোষণা কৰে যে যিবোৰ দেশে ইৰানক অস্ত্র-শস্ত্ৰ বিক্রী কৰিব সেই দেশবোৰৰ বিৰুদ্ধে ৫০% শুল্ক আৰোপ কৰা হ'ব। ট্রাম্পে সামাজিক মাধ্যম ট্রুথত দিয়া এটা প'ষ্টত কয়, 'আমেৰিকা আৰু ইৰানে একেলগে মিলিজুলি কাম কৰিব, যাৰ সম্পৰ্কত আমি নির্ধাৰণ কৰিছোঁ যে তেওঁলোকে এক অতি সফল 'ক্ষমতাৰ পৰিবর্তন'ৰ সময়ৰ মাজেৰে পাৰ হৈছে। এতিয়া ইউৰেনিয়ামৰ সমৃদ্ধকৰণ কৰা নহ'ব। ইৰানৰ সৈতে মিলি ভূপৃষ্ঠৰ পৰা অতি গভীৰতাত পোত খাই থকা সকলো পৰমাণু 'আৱর্জনা' খান্দি বাহিৰলৈ উলিওৱা হ'ব। এইবিলাক এতিয়াও আৰু আগতেও কৃত্রিম উপগ্রহৰ তীক্ষ্ণ দৃষ্টিত আছিল। আমি তাৰিখ এতিয়াও নির্ধাৰণ কৰা নাই। আমি ইৰানব বিৰুদ্ধে শুল্ক আৰু নিষেধাজ্ঞাসমূহ ৰেহাই দিয়াৰ প্রসংগত আলোচনা কৰি আছোঁ আৰু ভবিষ্যতলৈও আলোচনা অব্যাহত থাকিব। ১৫টা চর্তব ভিতৰত কেইবাটাত আগতেও সম্মত জনোৱা হৈছে।'

Share This