ডিজিটেল ডেস্ক: ইৰানৰ সশস্ত্র বাহিনীয়ে শনিবাৰে কয় যে আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজৰ যুদ্ধ আকৌ আৰম্ভহোৱাৰ সম্ভাৱনা আছে। বাহিনীয়ে দাবী কৰে যে 'সাক্ষ্য-প্রমাণে দেখুৱাই ছে যে আমেৰিকা কোনো চুক্তিৰ প্রতি প্রতিশ্রুতিবদ্ধ নহয়।
সামৰিক মুখ্য কাৰ্যালয়ৰ উপ-মুৰব্বী মহম্মদ জাফৰ আচাদীয়ে ইৰানৰ ফাৰ্ছ নিউজ এজেঞ্চিৰ আগত এই মন্তব্য কৰে। তেওঁ অভিযোগ কৰে যে আমেৰিকাৰ বিষয়ববীয়াৰ শেহতীয়া কাম-কাজ আৰু বক্তব্যই কূটনৈতিক বুজা-পৰাৰ প্ৰতি দায়বদ্ধতাৰ অভাৱৰ ইংগিত দিছে। আচাদীয়ে আৰু কয় যে ইৰানৰ সশস্ত্র বাহিনীবোৰ অতি সতর্ক (হাই এলার্ট) হৈ আছে আৰু যুদ্ধৰ যিকোনো ধৰণৰ তীৱতাক প্রত্যুত্তৰ দিবলৈ তেওঁলোক সাজু। তেওঁ কয়, 'আমেৰিকানসকলৰ যিকোনো নতুন এডভেন্সাৰ বা মূর্খতাৰ বাবে সশস্ত্র বাহিনীবোৰ সম্পূৰ্ণভাৱে প্রস্তুত হৈ আছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আমেৰিকাৰ সৈতে আলোচনাৰ বাবে ইৰানে প্ৰেৰণ কৰা শেহতীয়া প্ৰস্তাৱসমূহ নাকচ কৰাৰ পাছতে আচাদীয়ে এই মন্তব্য কৰে। ট্রাম্পে কৈছিল যে ইৰানে এনে কিছু ৰেহাই বিচাৰিছে যি তেওঁ মানি ল'ব নোৱাৰে। হোৱাইট হাউছৰ পৰা ফ্লৰিডালৈ যোৱাৰ সময়ত তেওঁ সাংবাদিকক কয়, 'তেওঁলোকে এখন চুক্তি কৰিবলৈ বিচাৰে... মই ইয়াক লৈ সন্তুষ্ট নহয়।' তেওঁ আৰু কয় যে ইৰানৰ নেতৃত্বৰ বিভাজন ঘটিছে আৰু 'দুটা বা তিনিটা গোটত' বিভক্ত হৈছে। ৰাষ্ট্ৰপতিজনে আৰু কয় যে আমেৰিকাই ইৰানৰ সৈতে যুদ্ধ কৰিছে কাৰণ, 'বলিয়াৰ হাতত পাৰমাণবিক অস্ত্র দিব নোৱাৰি।'