ডিজিটেল ডেস্ক : ইৰানৰ নিৰাপত্তা মুৰব্বী আলী লাৰিজানি আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ পাছত দেশখনৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘাচীয়ে কয় যে শীর্ষ সামৰিক নেতাসকল নিহত হোৱাৰ পাছতো তেহৰানৰ প্ৰশাসনে ইৰানৰ সুৰক্ষাৰ দিশত শক্তিশালীভাৱে যুঁজ দি যাব। ইৰানে ইয়াৰ প্ৰতিৰক্ষা নিশ্চিত কৰিবলৈ এতিয়াও সক্ষম আৰু অবিৰতভাৱে শত্ৰুৰ বিপক্ষে শক্তিশালীভাৱে যুঁজ দিয়াৰ সক্ষমতা আছে ইৰানী সেনাৰ।
আৰাঘাচীয়ে আল-জাজিৰাক দিয়া এটা সাক্ষাৎকাৰত কয় যে ইৰানৰ শাসন পদ্ধতি হৈছে প্রতিষ্ঠান-ভিত্তিক আৰু কোনো ব্যক্তিবিশেষে এই শাসন পদ্ধতি চলাই থকা নাই। আমেৰিকা-ইজৰাইলে ইয়াৰ শীর্ষ নেতাক আঘাত হানিলেও ইৰানৰ প্ৰতিৰক্ষা পদ্ধতি কঁপাব নোৱাৰে। প্ৰয়াত সর্বোচ্চ নেতা আলী খামেনেইৰ হত্যাৰ পাছতো দেশখনে সংঘবদ্ধভাৱে আমেৰিকা-ইজৰাইলৰ বিৰুদ্ধে যুঁজি আছে বুলি আৰাঘাচীয়ে মন্তব্য কৰে। ইজৰাইলী আক্ৰমণত পুত্ৰ মোৰ্তাজাসহ নিৰাপত্তা মুৰব্বী লাৰিজানি নিহত হোৱাৰ পাছতেই ইৰানী বিদেশ মন্ত্ৰীজনে এইদৰে প্ৰতিক্রিয়া প্রকাশ কৰে। আৰাঘাচীয়ে কয় যে আমেৰিকা আৰু ইজৰাইলে এই কথাটো অনুধাৱন কৰিব পৰা নাই।
ইছলামিক গণৰাজ্য ইৰানৰ এটা শক্তিশালী ৰাজনৈতিক আৰু সামৰিক ভেটি আছে। বিশ্বৰ যিকোনো শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ ইৰানী সেনাই 'মোজাইক প্ৰতিৰক্ষা নীতি'ৰ অধীনত সংঘবদ্ধ গাঁথনিৰে প্ৰস্তুত হৈ থাকে। এতিয়াও বহু ভাগত বিভক্ত হৈ বিভিন্ন অঞ্চলত ইৰানী সেনা মোতায়েন হৈ আছে আৰু সাহসেৰে শত্ৰুৰ বিৰুদ্ধে যুঁজি আছে। কোনো এজন ব্যক্তিবিশেষৰ মৃত্যুৱে দেশখনৰ প্ৰতিৰক্ষালৈ ভাবুকি নানে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ইৰানৰ বিদেশ মন্ত্ৰীজনে।