ডিজিটেল ডেস্ক : বিশ্ব কাপত ইৰানৰ অংশগ্ৰহণ আৰু প্রস্তুতি চলোৱাক লৈ ইমানদিনে বিতৰ্কৰ বিষয় হৈ আহিছিল। এইবাৰ ইৰানৰ ফুটবল দলক লৈ দেশৰ ভিতৰতে নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ইৰান চৰকাৰৰ বিৰুদ্ধে যোৱাৰ বাবে দেশৰ তাৰকা ফুটবলাৰক বাদ দিয়া হৈছে বুলি অভিযোগ উঠিছে। ইয়াৰ ফলত অনুৰাগীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ইয়াকে লৈ সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পেলাবলৈ নামিবলগীয়া হৈছে দেশৰ ৰাজনীতিবিদক। বাদ পৰা ফুটবলাৰগৰাকীৰ নাম হৈছে চৰ্দাৰ আজমুন। প্রাথমিক ৩০জনীয়া দলত তেওঁক অন্তর্ভুক্ত কৰা নাছিল প্রশিক্ষক আমিৰ জলেনয়ে।
দেশৰ সর্বকালৰ অন্যতম আগশাৰীৰ গ'লদাতা আজমুনে ৯১খন খেলত দিছে ৫৭টা গ'ল। ইয়াৰ পূৰ্বে আজমুনে বেয়াৰ লেভাৰকুছেন, ৰোমা আৰু জেনিট ছেইণ্ট পিটাৰ্ছবাৰ্গৰ দৰে শীৰ্ষ ক্লাবৰ হৈ খেলাৰ অভিজ্ঞতা আছে। তেওঁ বাদ পৰাৰ ফলত ই ৰানৰ দল নিৰ্বাচনত ৰাজনৈতিক হস্তক্ষেপ হোৱা বুলি ধাৰণা কৰা হৈছে। এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাজনীতিবিদ আব্দুল কৰিম হুছেই নজাদেহে আজমুনক পুনৰ দললৈ অনাৰ কথা চিন্তা কৰা আৰু ইয়াক ৰাষ্ট্ৰীয় ঐক্যৰ বিষয় বুলিও অভিহিত কৰিছে। অৱশ্যে প্রশিক্ষকগৰাকীয়ে এইক্ষেত্ৰত কোনো প্রতিক্রিয়া ব্যক্ত কৰা নাই। ২০২৫ চনৰ জুন মাহৰ পৰা ইৰানৰ হৈ খেলা নাই আজমুনে।
অতীতত তেওঁ নিজ দেশৰ চৰকাৰৰ বিৰুদ্ধে একাধিক বাৰ মুখ খুলিছিল। ২০২২ চনত মাহছা আমিনিৰ মৃত্যুৰ পাছত মহিলা প্ৰতিবাদকাৰীৰ কাষত থিয় দিছিল আজমুনে। দেশৰ মহিলাসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাত মাতিছিল তাৰকা ফুটবলাৰগৰাকীয়ে। সম্প্রতি ডুবাইৰ শাসক মহম্মদ বিন ৰশিদ আল মকতুমৰ সৈতে বৈঠকত মিলিত হৈছিল আজমুন। ইৰান চৰকাৰে ইয়াক ভালভাৱে লোৱা নাই।