ডিজিটেল ডেস্ক: আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ বাবে বিশ্বজুৰি গেছ আৰু ইন্ধনৰ যোগান তথা দামক লৈ বিশ্ববাসী উদ্বিগ্ন হৈ থকাৰ সময়তে তেলক লৈ ইৰানে ভাবুকি দিয়ে। তেহৰানত থকা সামৰিক কমাণ্ডৰ মুখ্য কার্যালয় খাতাম আল-আনিবিয়াৰ মুখপাত্রই এই সন্দর্ভত মন্তব্য কৰে।
মুখপাত্র ইব্রাহিম জোলফাঘাৰীয়ে কয়, 'প্রতি বেৰল খাৰুৱা তেলৰ দাম ২০০ ডলাৰ হোৱালৈ সাজু থাকক, কাৰণ তেলৰ দাম নিৰ্ভৰ কৰে আঞ্চলিক নিৰাপত্তাৰ ওপৰত, তেওঁলোকে ইয়াক অস্থিৰ কৰি তুলিছে।' তেওঁ আৰু কয়, 'আমি আনকি আমেৰিকা, ইহুদি (ইজৰাইল) আৰু তেওঁলোকৰ দেশৰ বাবে এক লিটাৰ তেলৰো অনুমতি নিদিওঁ। সেইবোৰ দেশলৈ যোৱা যিকোনো জাহাজ বা টেংকাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব।'