মধ্য প্রাচ্যৰ যুদ্ধক্ষেত্ৰত ৩,৫০০ মার্কিন স্থল সৈন্য , 'মহাবিনাশ'ৰ হুংকাৰ ইৰানৰ

dainik janambhumi March 31, 2026

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ সমৃদ্ধ ইউৰেনিয়াম দখল কৰাৰ বাবে স্থল সেনাৰ অভিযান চলোৱাৰ কথা বিবেচনা কৰি থকাৰ সময়তে ইৰানে আমেৰিকাক মুকলি প্রত্যাহ্বান জনাই মহাবিনাশৰ ভাবুকি দিছে। ইৰানে এইবুলি ধমকি দিছে যে দেশখনে শিৰনত নকৰে আৰু জয় অবিহনে যুদ্ধৰ অন্তও নপৰে। 

ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকিৰ কালিবাফে আমেৰিকাক কঠোৰভাৱে সকীয়াই দি স্পষ্টভাৱে কয় যে ইৰানে কোনো কাৰণতে নতশিৰ নকৰে আৰু 'জয়ী নোহোৱালৈকে যুদ্ধৰ অন্ত নপৰে।' তেওঁ ইৰানৰ আত্মসমর্পণৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অগ্রাহ্য কৰে। তেওঁ লগতে এইবুলি দাবী কৰে যে এমাহতকৈ অধিক পাৰ হোৱা যুদ্ধত ইৰান আৰু তেওঁলোকৰ সহযোগীসকলে আমেৰিকা আৰু দেশখনৰ মিত্র দেশবোৰৰ বৃহৎ ক্ষতি কৰিলে আৰু লেবানন, ইৰাক তথা য়েমেনত থকা প্ৰতিৰোধী শক্তিসমূহ দিনকদিনে শক্তিশালী হ'বলৈ ধৰিছে। 

আমেৰিকাই যুদ্ধৰ চূড়ান্ত পর্যায়ত ইৰানৰ সমৃদ্ধ ইউৰেনিয়াম হস্তগত কৰা, দেশখনৰ খাৰুৱা তেলৰ গুৰুত্বপূর্ণ কেন্দ্র খাৰ্গ দ্বীপ আৰু হৰমুজ প্রণালী দখলৰ বাবে ইৰানত স্থল সেনা নমোৱাৰ পৰিকল্পনা কৰা বুলি বাতৰিত প্ৰকাশ পাইছে। ইয়াত প্রতিক্রিয়া প্রকাশ কৰি খালিবাফে কয় যে আমেৰিকাৰ এনেধৰণৰ যিকোনো প্রচেষ্টাৰ এনেধৰণেৰে অতি কঠোৰ তথা প্রচণ্ডভাৱে প্রত্যুত্তৰ দিয়া হ'ব যে মহাবিনাশ মাতি আনিব। ইৰানী সংসদৰ অধ্যক্ষজনে লগতে এইবুলিও কয় যে শত্ৰুৰ বাবে ইৰানত প্ৰৱেশ কৰাটো ইমান সহজ নহ'ব। শত্রুক ক্ষেপণাস্ত্ৰৰে আক্রমণ অব্যাহত ৰাখিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইৰানৰ শত্রু 'শংকিত আৰু মানসিক চাপত ভোগা' দেখা পোৱা গৈছে। ইজৰাইল আৰু আমেৰিকাই ইৰানত শিৰনত কৰিবলৈ চেষ্টা কৰিলেও সফল নহয়। তেওঁ কয়, 'এটা কথা স্পষ্ট কৰি দিওঁ যে আমি অপমান স্বীকাৰ নকৰোঁ।' 

কালিবাফে এই যুদ্ধক বিশ্ব যুদ্ধৰ অংশ বুলি উল্লেখ কৰি কয় যে ইৰানে সম্পূর্ণ শক্তিৰে সৈন্য আৰু জনসাধাৰণৰ সমর্থনত আগবাঢ়িব। তেওঁ কয় যে স্থল সেনাৰ অভিযানক এনেধৰণেৰে প্ৰত্যুত্তৰ দিয়া হ'ব যে আমেৰিকাই এই পদক্ষেপক লৈ অনুশোচনাত ভুগিব। আনহাতে, ইৰানত শ্রমিকৰ পৰা আৰম্ভ কৰি শিল্পীলৈকে সকলোৱে চৰকাৰৰ প্ৰতি জনোৱা সমর্থনৰ বাবে দেশবাসীৰ প্রতি কালিবাফে কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত চৰকাৰৰ স্থিতি আৰু অধিক শক্তিশালী হৈ পৰিছে। ইৰানত আমেৰিকাৰ স্থল সেনাই অভিযান আৰম্ভ কৰিলে মার্কিন সৈন্য ইৰানৰ ড্রন, ক্ষেপণাস্ত্র আৰু ইছলামিক ৰিভ'লিউশ্যনেৰী গাৰ্ডৰ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্রতি লক্ষ্য ৰাখি মার্কিন ৰাষ্ট্ৰপতি ট্রামে স্থলভাগেৰে অভিযান চলোৱাত ক্ষেত্ৰত দোধোৰ-মোধোৰত পৰা বুলি জনা গৈছে।

Share This