ডিজিটেল ডেস্ক : ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ হোৱা যুদ্ধক সম্প্ৰসাৰিত কৰাৰ ভাবুকি দি শনিবাৰে ইৰানে কয় আমেৰিকা, ব্রিটেইন (ইউ কে) আৰু ফ্রান্সক সকীয়নি দি কয় যে ইজৰাইলৰ বিৰুদ্ধে কৰা মিছাইলৰ প্ৰত্যাক্ৰমণ যদি উক্ত দেশকেইখনে প্রতিৰোধ কৰাত ইজৰাইলক সহায় কৰে, তেন্তে ইৰানে উক্ত দেশকেইখনৰ সামৰিক ঘাটি আৰু জাহাজক লক্ষ্য কৰি ল'ব।
উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কৈছিল যে তেওঁলোকে ইজৰাইলৰ প্ৰতিৰক্ষাত সহায় কৰিব। আনহাতে আমেৰিকাৰ বিষয়াৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ পাইছে যে আমেৰিকাৰ সেনাই ইতিমধ্যে ইজৰাইলৰ কাষ চপা মিছাইল আৰু ড্র'ন গুলীয়াই ভূপাতিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনেও শুকুৰবাৰে কৈছিল যে তেওঁৰ দেশে ইৰানৰ আক্ৰমণৰ পৰা প্ৰতিৰক্ষা ইজৰাইলক সহায় কৰিব।
অৱশ্যে ব্রিটেইন চৰকাৰে কৈছে যে তেওঁলোকে ইজৰাইলক কোনো সামৰিক সহায় কৰা নাই। বৰঞ্চ ব্রিটেইনে যুদ্ধৰ উত্তেজনা হ্রাস কৰাতহে জোৰ দিছে। মন কৰিবলগীয়া যে ইৰানে যদি সোনকালেই পাৰমাণৱিক চুক্তিত স্বাক্ষৰ নকৰে তেতিয়া আক্রমণ তীব্ৰতৰ হ'ব বুলি শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰানক ভাবুকি দিছিল।