ডিজিটেল ডেস্ক : আমেৰিকা-ইজৰাই লৰ আক্ৰমণৰ প্রতিশোধকল্পে ইৰানে মধ্যপ্রাচ্যৰ দেশসমূহত থকা মার্কিন সামৰিক ঘাটিসমূহত বিধ্বংসী আক্রমণ চলাই আছে। এইবাৰ ইৰানে সকীয়নি দিছে যে দেশখনে সমগ্র পশ্চিম এছিয়াত থকা আমেৰিকাৰ অৰ্থনৈতিক আৰু বেংকিং কেন্দ্রসমূহত ভয়াৱহ আক্রমণ চলাব। ইৰানী সামৰিক বাহিনীৰ উদ্ধৃতি দি বুধবাৰে দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতে, আমেৰিকাৰে জড়িত মধ্যপ্রাচ্যৰ অর্থনৈতিক কেন্দ্র আৰু বেংকসমূহত ইৰানে আক্রমণ চলাব।
শত্রুপক্ষক অর্থনৈতিক দিশত নিশকতীয়া কৰিবলৈ ইবানে সংকল্প লৈছে বুলি বিবৃতিটোত কোৱা হৈছে। ইৰানৰ খাতাম আল-আনবিয়াৰ মুখ্য কার্যালয়ে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে আমেৰিকা আৰু ইজৰাইলৰ সৈতে সম্পর্ক থকা বিত্তীয় কেন্দ্রসমূহক এতিয়া লক্ষ্য কৰি ইৰানে আক্রমণ চলাব। ইৰানৰ বেংকিং প্রণালীক ইজৰাইল-আমেৰিকাই আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত ইৰানী সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ৰপৰা এই বিবৃতি প্রকাশ কৰিছে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতে, আমেৰিকা আৰু ইজৰাইলে কালি গোটেই নিশা তেহৰানৰ এটা বেংকত আক্রমণ কৰি কেই বাজনো বেংক কৰ্মচাৰীক হত্যা কৰে।
ইয়াৰ পাছতেই ইৰানৰ মিলিটেৰী কমাণ্ডে এই সকীয়নি দিয়ে। আনহাতে, ইৰানৰ এই ভাবুকিৰ পাছত ইউ এ ইৰ ডুবাইত থকা আমেৰিকাৰ আঞ্চলিক বিত্তীয় হাবলৈ বিপদ-শংকা আহিছে। এই বিত্তীয় হাবৰ পৰাই বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বেংক আৰু বিত্তীয় প্রতিষ্ঠান পৰিচালিত হয়। তদুপৰি, ছৌডি আৰব আৰু বাহৰেইনত থকা আমেৰিকাৰ বিত্তীয় প্রতিষ্ঠান বোৰলৈও ভাবুকি আহিছে। সমগ্র উপসাগৰীয় অঞ্চলত ইবানে বাণিজ্যিক জাহাজবোৰক ইতিমধ্যে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বহুকেইখন উপসাগৰীয় অঞ্চলৰ দেশত ইৰানে ড্র'ন আৰু মিছাইলেৰে ইতিমধ্যে মার্কিন সামৰিক ঘাটিবোৰ আক্ৰমণ কৰি ক্ষতিগ্রস্ত কৰিছে।