পশ্চিম এছিয়াত পুনৰ যুদ্ধৰ দাবানল, ইৰান-আমেৰিকাৰ আক্ৰমণ-প্রত্যাক্ৰমণ অব্যাহত

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : ইৰান-আমেৰিকাৰ যুদ্ধ উত্তেজনা পশ্চিম এছিয়াত ক্রমাৎ বৃদ্ধি পাইছে। শনিবাৰে মার্কিন সেনাই ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নিৰ্দেশত ইৰানক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ পাছতে ইৰানেও প্রত্যুত্তৰত দেওবাৰে বাহৰেইন আৰু কুৱেইটত থকা মার্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰ'নৰে আক্ৰমণ কৰে। দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ বন্ধ কৰাৰ বুজাবুজি চুক্তিৰ ম্যাদ চলি থকা সত্ত্বেও এই আক্রমণ-প্রত্যাক্রমণে পশ্চিম এছিয়াত পুনৰ যুদ্ধ উত্তেজনা বৃদ্ধি পাইছে।
 

মার্কিন সামৰিক বাহিনীয়ে শনিবাৰে (২৭ জুন) কয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ নিৰ্দেশত তেওঁলোকে ইৰানৰ ১০ ঠাইত আঘাত হানিছে। 'ট্রুথ ছ'চিয়েল'ত দিয়া এটা প'ষ্টত ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰ আৰু ড্র'ন মজুত ৰখা স্থানত আঘাত হানিছে। তদুপৰি, ইৰানী উপকূলীয় ৰাডাৰ পদ্ধতি থকা স্থানতো মার্কিন সেনাই আক্রমণ সংঘটিত কৰিছে। ট্রাম্পে অভিযোগ কৰে যে ইৰানে আকৌ যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে। সেইবাবে মার্কিন সেনাই অপেক্ষা কৰি থকাৰ যুক্তিযুক্ততা নাই বুলি ট্রাম্পে কয়।

ট্রাম্পে হুংকাৰ দি কয় যে ইছলামিক ৰাষ্ট্ৰখনৰ অস্তিত্ব মার্কিন সেনাই নোহোৱা কৰিব। আনহাতে, ইৰানৰ ৰিভলুশ্যনাৰী গার্ড কর্পছ-এ (আই আৰ জি চি) দেওবাৰে কয় যে ইৰানী অঞ্চলত মার্কিন সেনাই চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি তেওঁলোকে বাহৰেইন আৰু কুৱেইটত থকা মার্কিন সামৰিক ঘাটিত আক্ৰমণ চলাইছে। আই আৰ জি চিয়ে আমেৰিকাক সতৰ্ক কৰি দি কয় যে যদি মার্কিন সেনাই পৰৱৰ্তী আগ্রাসন চলায়, তেনেহ'লে আমেৰিকাক বিধ্বংসী প্রত্যুত্তৰ দিয়া হ'ব। আনহাতে, যুদ্ধ বিৰতি সত্ত্বেও ইজৰাইলে লেবাননত হিজবুল্লাক লক্ষ্য কৰি দেওবাৰে পুনৰ বিমান আক্রমণ কৰে। ইয়াৰ পাছতেই হিজবুল্লাৰ নীতি নিৰ্ধাৰকে পুনৰ কয় যে লেবাননত অভ্যন্তৰীণ সংঘর্ষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

Share This