প্ৰসংগ: পাৰমাণৱিক কাৰ্যসূচী, ট্রাম্পৰ ভাবুকিৰ মাজতে মাস্কাটত ইৰান-মার্কিন বৈঠক

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত বিগত কেইমাহমান ধৰি চলি থকা যুদ্ধ-সদৃশ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে দেশ দুখনৰ মাজত প্রথম পৰ্যায়ৰ কূটনৈতিক পৰ্যায়ৰ আলোচনা হয়। মধ্য প্রাচ্যৰ দেশ ওমানৰ ৰাজধানী মাস্কাটত দুয়ো দেশৰ মাজত শান্তি আলোচনা চলিছে। বৈঠকত ইৰানৰ হৈ দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে ভাগ লোৱাৰ বিপৰীতে মার্কিন যুক্তৰাষ্ট্ৰৰ হৈ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিশেষ দূত ষ্টিভ উইটকয়ে অংশ লয়। 

ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই কয় যে দুয়োখন দেশৰ মাজত সন্তোষজনক বুজাপৰা আৰু পাৰমাণৱিক পৰীক্ষণৰ বিষয়ত সহমতৰ বাবেই বৈঠকত আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে ই ৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিৰোধিতা কৰি আহিছে মার্কিন প্রশাসনে। ইবানত প্রতিবাদী জনতাৰ ওপৰত দেশখনৰ চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে আৰু পাৰমাণৱিক কাৰ্যসূচী গ্ৰহণ কৰিলেই আক্ৰমণৰ ভাবুকি দি আহিছে। 

ইতিমধ্যে আমেৰিকাৰ এখন যুদ্ধ জাহাজে ইৰান সীমান্তৰ জলৰাশিত অৱস্থান লৈ আছে। আমেৰিকাৰে পাৰমাণৱিক কার্যসূচী সন্দর্ভত আয়াতুল্লা আলী খামেইনেইৰ নেতৃত্বাধীন ইৰানিয়ান প্রশাসন আলোচনাত নবহিলে আক্ৰমণৰ হুংকাৰ দিছিল ট্রাম্পে। শুকুৰবাৰে ওমানত অনুষ্ঠিত বৈঠকৰ পূৰ্বেও মার্কিন নাগৰিকক তৎকালে ইৰান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ট্রাম্পে। তাৰ মাজতে মাস্কাটত আৰম্ভ হোৱা আলোচনাক ইতিবাচক আখ্যা দিছে ইৰানৰ বৈদেশিক মন্ত্ৰী আৰাঘাচিয়ে। শুকুৰবাৰে প্ৰথম ৰাউণ্ডৰ আলোচনা সম্পন্ন হ'লেও এই আলোচনা চলি থাকিব বুলি তেওঁ প্রকাশ কৰে।

Share This