আজি ইৰান-আমেৰিকাৰ গুৰুত্বপূৰ্ণ আলোচনা, সামাজিক মাধ্যমত ড'নাল্ড ট্রাম্পৰ প'ষ্ট

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : পুনৰ শান্তি আলোচনাত বহিব আমেৰিকা আৰু ইৰান। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই মন্তব্য প্রকাশ কৰিছে। সোমবাৰে তেওঁ কয় যে কাটাৰৰ ৰাজধানী ডোহাত মঙলবাৰে দুয়োখন দেশৰ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। ট্রুথ ছ'চিয়েলত এটা প'ষ্টত ট্রাম্পে উল্লেখ কৰে যে ইৰানৰ অনুৰোধ মৰ্মেহে এই বৈঠক অনুষ্ঠিত হ'ব। হৰমুজ প্রণালীক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা মতানৈক্য দূৰ কৰাৰ অর্থেই আলোচনা অনুষ্ঠিত হ'ব বুলিও ট্রাম্পে উল্লেখ কৰে। 

উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধখনৰ যোৱা ১৭ জুনত শান্তি চুক্তিৰ জৰিয়তে সামৰণি পেলোৱা হৈছিল। কিন্তু শেহতীয়াকৈ পুনৰ দেশ দুখনৰ মাজত আক্ৰমণ-প্রত্যাক্ৰমণ আৰম্ভ হৈছে। ইজৰাইলে হিজবুল্লাক লক্ষ্য কৰি বেইৰুটত আক্রমণ অব্যাহত ৰখাত ক্ষুব্ধ হৈ পৰিছিল ইৰান। 

পৰৱৰ্তী সময়ত ওমান উপকূলত হৰমুজ প্রণালীত ইৰানে এখন জাহাজত আক্ৰমণ চলোৱাৰ পাছতেই তেহৰানত ভয়াৱহ আক্রমণ চলাই আমেৰিকাই। কার্যতঃ শান্তি চুক্তি বিঘ্নিত হৈ পৰে। সোমবাৰে পুনৰ দেশ দুখনে আলোচনাত বহাত সন্মত হোৱাটো বিশ্ব অৰ্থনীতিৰ বাবেও সুখবৰ বুলিব পাৰি।

Share This