ডিজিটেল ডেস্ক : ইৰান আৰু আমেৰিকাৰ মাজত মঙলবাৰে নিশা পুনৰ প্ৰচণ্ড আক্রমণ-প্রতি আক্রমণ হোৱাৰ লগতে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ এটা ঘোষণাই সমগ্র বিশ্বতে গভীৰ উদ্বেগৰ সৃষ্টি কৰে।
উল্লেখযোগ্য যে মঙলবাৰে নিশা হৰমুজ প্রণালী পাৰ হোৱাৰ সময়তে ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) তিনিখন বাণিজ্যিক জাহাজত আক্ৰমণ কৰে। ইয়াৰ উত্তৰ দি মার্কিন সেনাই ইৰানৰ ৮০টা স্থানত আক্ৰমণ কৰে আৰু তাৰ পাছতে আই আৰ জি চিয়ে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ ৮৫টা সামৰিক ঘাটিত আক্রমণ কৰে। আমেৰিকাৰ এখন এম কিউ ৯ ড্র'নো ধ্বংস কৰা বুলি ইৰানে দাবী কৰে। ইৰানৰ ৮০টাতকৈ অধিক সামৰিক ঘাটিত প্রচণ্ড আক্ৰমণ কৰাৰ কথা প্রকাশ কৰি আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে এই বুলি দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক বাণিজ্যৰ সুৰক্ষা আৰু ইৰানী সামৰিক বাহিনীৰ ক্ষমতা হ্রাস কৰাৰ বাবে দেশখনত বায়ু সেনাই প্রচণ্ড আক্রমণ কৰে।
মার্কিন চেন্ট্রেল কমাণ্ডৰ মতে, এই আক্রমণসমূহত ইৰানৰ এয়াৰ ডিফেন্স প্রণালী, কমাণ্ড এন্ড কন্ট্রল চেণ্টাৰ, উপকূলীয় ৰাডাৰ ষ্টেছন, জাহাজ বিধ্বংসী ক্ষেপণাস্ত্র লান্সাৰ থকা স্থান আৰু আই আৰ জি চিৰ ৬০খনতকৈ অধিক স্পীড ব'টক লক্ষ্য কৰি লোৱা হয়। বন্দৰ আব্বাছ আৰু শ্বহীত হক্কানী বন্দৰতো আক্ৰমণ কৰা হয়। দেশখনৰ অসামৰিক স্থানতো আক্রমণ কৰে মার্কিন সেনাই। চেন্ট্রেল কমাণ্ডে কয় যে মঙলবাৰে নিশা হৰমুজ প্রণালীৰে পাৰ হোৱা তিনিখন জাহাজ ক্রমে মার্শাল আইলেগুছ কে এম/টি, অল কেকয়াত, ছৌডি আৰবৰ এম/টি ছাইপ্রাছ প্রস্পেৰিটিত আক্ৰমণ কৰে। এই জাহাজকেইখনত কৰা আক্ৰমণৰ বাবে আমেৰিকাই ইৰানক জগৰীয়া কৰে আৰু ইয়াৰ যোগেদি দেশখনে যুদ্ধ-বিৰতি উলংঘা কৰা বুলি কয়। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে দেশখনৰ বন্দৰ আব্বাছ, কেছম, ছিৰিকত আমেৰিকাৰ আক্ৰমণত প্রচণ্ড বিস্ফোৰণ হোৱা বুলি প্রকাশ কৰে। ইফালে উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাই ইৰানৰ তেল বিক্রীত পুনৰ নিষেধাজ্ঞা আৰোপ কৰে।
উল্লেখযোগ্য যে আমেৰিকাই যুদ্ধ-বিৰতি চুক্তিৰ অধীনত ইৰানক সাময়িকভাৱে তেল বিক্ৰীৰ অনুমতি দিছিল। কিন্তু মঙলবাৰে নিশা এই অনুমতি প্রত্যাহাৰ কৰে। ইয়াৰ লগতে আমেৰিকাৰ সেনাৰ নেতৃত্বৰ যুটীয়া সামুদ্রিক তথা কেন্দ্রই (জে এম আই চি) হৰমুজ প্ৰণালীৰ পাৰ হোৱা জাহাজৰ বাবে শংকাৰ স্তৰ বৃদ্ধি কৰি 'ছিভিয়েৰ' কৰে। ইফালে আই আৰ জি চিয়ে ইৰানত কৰা আক্ৰমণৰ প্ৰতিশোধ লৈ কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ ৮৫টা সামৰিক ঘাটিত আক্ৰমণ কৰে। আই আৰ জি চিয়ে কয় যে মার্কিন সেনাই যুদ্ধ-বিৰতি উলংঘা কৰাৰ পাছত বাহৰেইন আৰু কুৱেইটত থকা মার্কিন সেনাৰ ৮৫টা ঘাটিত আক্রমণ কৰে। আই আৰ জি চিয়ে দাবী কৰা মতে, কুৱেইটত থকা আমেৰিকাৰ নৌ সেনাৰ পঞ্চম বাহিনীৰ ঘাটি আৰু কুৱেইটত থকা আলী আল ছালেম বায়ু সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা হয়।
আই আৰ জি চিয়ে কয় যে দেশখনৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ শেষকৃত্যৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত আমেৰিকাই এই আক্রমণ কৰে। তেওঁৰ অন্তিম যাত্ৰাত লাখ লাখ লোকে অংশগ্ৰহণ কৰাৰ এই ঐতিহাসিক ঘটনাৰ গুৰুত্ব হ্রাস কৰাৰ কাৰণেই ৱাশ্বিংটনে এই আক্রমণ কৰে। ইফালে ইৰানত কৰা আক্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমত প্রকাশ কৰা এটা ভিডিঅ'ত মাত্র কেই ছেকেণ্ডমানৰ ভিতৰত কেইবাটাও বিস্ফোৰণ হোৱা দেখা পোৱা গৈছে।