ডিজিটেল ডেস্ক : ইৰান-আমেৰিকাৰ আক্রমণ-প্রত্যাক্রমণ অব্যাহত আছে। আমেৰিকা-ই ৰানৰ সংঘর্ষই এটা ভয়ানক পর্যয়ত প্রৱেশ কৰিছে। শনিবাৰে দক্ষিণ ইৰানৰ অঞ্চলৰ প্ৰদেশ হ ৰমুজ গামত আমেৰিকাৰ সামৰিক বাহিনীয়ে ৩টা ভয়ানক আক্ৰমণ চলায়।
ইফালে, ইৰানী সেনাই আমেৰিকাক সতৰ্ক কৰি দিয়ে যে যদি ইৰানৰ অসামৰিক আন্তঃগাঁথনিত মার্কিন আক্রমণ অব্যাহত থাকে, তেনেহ'লে ইউ এ ইসহ মধ্য প্রাচ্যত থকা মার্কিন সামৰিক ঘাটিবোৰত ভয়াৱহ আক্রমণ চলোৱা হ'ব। শনিবাৰে ডুবাই আৰু আবু ধাবি বিমান বন্দৰ সম্ভাব্য ইৰানী আক্ৰমণৰ বাবে খালী কৰোৱা হয়।
আনহাতে, আমেৰিকাৰ সৈতে থকা যুদ্ধ-বিৰতিৰ বুজাবুজিৰ চুক্তি ইৰানে বাতিল কৰে। পাকিস্তানৰ মধ্যস্থতাত হোৱা বুজাবুজিৰ চুক্তিখন বাতিল কৰাৰ বিষয়ে ঘোষণা কৰে ইৰানে। ইফালে, আমেৰিকাৰ আক্ৰমণ অব্যাহত থাকিলে ইৰানে সম্পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ কৰাৰ ভাবুকি দিছে।