ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ যুদ্ধখন অন্ত পেলোৱাৰ বাবে শান্তি আলোচনা প্রক্রিয়া চূড়ান্ত পর্যায়ত আছে। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ। ইৰান আৰু ইজৰাইলৰ আক্ৰমণ-প্রত্যাক্রমণ বন্ধ হোৱাৰ পাছতেই মঙলবাৰে ট্রাম্পে এই কথা সদৰী কৰে। ইৰান আৰু আমেৰিকাৰ মাজত এখন শান্তি চুক্তি স্বাক্ষৰিত হোৱাটো নিশ্চিত বুলি প্ৰকাশ কৰি মার্কিন ৰাষ্ট্ৰপতিজনে কয় যে ইৰান আৰু ইজৰাইলৰ মাজৰ আক্রমণ তেওঁৰ মধ্যস্থতাত বন্ধ হৈছে আৰু এতিয়া তেহৰানৰে এখন খুব ভাল চুক্তি কৰাৰ বাবে শান্তি আলোচনাত ভাগ লোৱাসকল চূড়ান্ত পৰ্যায়ত আছে।
সাংবাদিকৰ আগত ট্রাম্পে কয় যে অহা দুই-তিনি দিনৰ ভিতৰত চুক্তি চূড়ান্ত হ'ব। উল্লেখযোগ্য যে ইৰানে শান্তি চুক্তিত লেবাননৰ বিষয়টো অন্তর্ভুক্তিৰ দাবী জনাই আহিছে। লেবাননত ইৰান সমর্থিত হিজবুল্লাৰ ওপৰত ইজৰাইলে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই আছে। যাৰ প্ৰতিশোধকল্পে ইৰানে ইজৰাইলত আক্ৰমণ চলাইছিল। শেহতীয়াকৈ এই আক্রমণ-প্রত্যাক্রমণ বন্ধ হৈছে যদিও দেওবাৰে ইৰানে ঘোষণা কৰিছে যে ইজৰাইলে লেবাননত আক্রমণ চলালে, ইৰানেও ইজৰাই লত আঘাত হানিব। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ পৰা ইৰানক বিৰত থাকিবলৈ আহ্বান জনাইছে।
ইফালে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে আহ্বান জনোৱাৰ পাছতে ইজৰাইলে লেবাননত আক্ৰমণ বন্ধ কৰিছে। কিন্তু একে সময়তে য়েমেনস্থিত ইৰান সমর্থিত হুথী বিদ্রোহীয়ে ইজৰাইলত মিছাইল আক্ৰমণ আৰম্ভকৰিছে। তদুপৰি, বিদ্রোহী গোটটোৱে লোহিত সাগৰেদি ইজৰাইলী জাহাজ পাৰ হৈ যোৱাত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে।