পাকিস্তানৰ সৈতে পোনপটীয়া সম্পর্ক থকা ৩টা জেহাদীক গ্ৰেপ্তাৰ

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : প্ৰথমবাৰৰ বাবে অসমত গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰা জেহাদী। এছ টি এফে শুকুৰবাৰে ধুবুৰী, চিৰাং, বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে মুঠ ৩টা জেহাদীক। ধুবুৰীৰ পৰা আক্ৰামুল ইছলাম, চিৰাঙৰ পৰা আমিনুল ৰহমান আৰু বৰপেটাৰ পৰা আব্দুল হুছেইন নামৰ জেহাদী ৩টাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো সমগ্র বিষয়টোক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে। 

কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'পাকিস্তানৰ সৈতে সম্পর্ক থকা তিনি জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ইমান দিনে যিবোৰ জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকৰ সম্পৰ্ক বাংলাদেশৰ সৈতে আছিল। কিন্তু কালি প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সৈতে পোনে পোনে সম্পর্ক থকা লোকক গ্ৰেপ্তাৰ কৰা হৈছে।' এয়া আমাৰ বাবে এক উদ্বেগৰ কথা বুলিও কয় মুখ্যমন্ত্রী ড° শর্মাই। 

উল্লেখযোগ্য যে আক্রামুল নামৰ জেহাদীটোৱে তামিলনাডুত গৈ কিছু দিন দৰ্জীৰ কাম কৰিছিল। গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাই ম'বাইল এপৰ মাধ্যমেৰে পাকিস্তানৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। সকলোতকৈ ডাঙৰ কথা যে অসমখন বহু দিনৰে পৰাই মৌলবাদীৰ লক্ষ্য হৈ আহিছে। বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনৰ লগতে জেহাদীয়ে ৰাজ্যখনত খোপনি পোতাৰ বাবে অহৰহ চেষ্টা চলাই আছে যদিও প্রতিবাৰেই আৰক্ষীয়ে এনে জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ পাছতো অসমত খোপনি পোতাৰ বাবে এই শক্তিসমূহে অহৰহ চেষ্টা চলাই আহিছে। 

ইফালে বাংলাদেশত ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত পাকিস্তানো সক্রিয় হৈ পৰিছে। এনে পৰিস্থিতিত অসমত পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা জেহাদী গ্ৰেপ্তাৰ হোৱাটো অত্যন্ত উদ্বেগজনক কথা হৈ পৰিছে।

Share This