ড্ৰ'ন প্ৰতিৰোধী 'ভাগৱাস্ত্ৰ'ৰ সফল পৰীক্ষণ, ভাৰতীয় সামৰিক বাহিনীলৈ আন এক শক্তি

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় সামৰিক বাহিনী, যুদ্ধ কৌশলত অধিক শক্তিশালী হৈছে। ভাৰতে শত্রুপক্ষৰ ড্ৰ'নৰ আক্ৰমণক প্রতিহত কৰাৰ বাবে স্বদেশত নির্মিত ড্র'ন প্ৰতিৰোধী পদ্ধতি 'ভাৰ্গৱাস্ত্ৰ' বিকশিত কৰিছে। ভাৰতীয় প্ৰতিৰক্ষা কোম্পানী 'ছলাৰ ডিফেন্স এণ্ড এৰ'স্পেচ লিমিটেড'-এ বিকশিত কৰা 'ভাগৱাস্ত্ৰ'ক ভাৰতীয় সেনাৰ সন্মুখত শুকুৰবাৰে নাগপুৰত সফলতাৰে প্ৰদৰ্শন কৰা হয়। দেশৰ প্রথমটো স্বদেশী 'কাউণ্টাৰ স্বাৰ্ম ড্র'ন ছিষ্টেম' 'ভাগৱাস্ত্ৰ'ৰ মৰুভূমি, সমতলীয় এলেকা আৰু সমুদ্রপৃষ্ঠৰ পৰা ৫০০০ মিটাৰ উচ্চতালৈকে শত্ৰুৰ ড্ৰ'ন আক্রমণ প্রতিহত কৰিব পৰাৰ সক্ষমতা আছে। 

বর্তমান যুদ্ধ কৌশলত ড্র'ন আক্ৰমণৰ সম্ভাৱনীয়তা বৃদ্ধি হোৱাৰ সময়তে ভাৰতে এই নতুন ড্র'ন প্ৰতিৰোধী পদ্ধতি 'ভার্গৱাস্ত্ৰ'ক বিকশিত কৰিছে। 'ভাগৱাস্ত্র'ই শত্ৰুৰ আত্মঘাতী ড্র'নবোৰক আকাশতে ধ্বংস কৰিব পাৰিব। 'ভাৰ্গৱাস্ত্ৰ'ৰ সকলোতকৈ অধিক বিশেষত্বটো হৈছে যে মাত্র ১০ ছেকেণ্ডত ৬৪টা মাইক্ৰ' ৰকেট/ ক্ষেপণাস্ত্ৰক আঘাত হানিব পাৰে। 

'ভার্গবাস্তু'ত অত্যাধুনিক ছেন্সৰ আৰু ৰাডাৰ পদ্ধতি সংযোজন কৰা হৈছে। এই অস্ত্ৰই ১০ কিল'মিটাৰ দূৰত্বলৈকে সৰু আকাৰৰ ড্ৰ'নবোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব আৰু সময়মতে লক্ষ্য নিখুঁতভাৱে ভেদ কৰিব পাৰিব। এই ড্র'ন প্ৰতিৰোধী 'ভার্গবাস্ত্র'ই সীমান্তৱৰ্তী দুর্গম পাহাৰীয়া এলেকাত ড্র'ন আক্রমণ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাক সহায় কৰিব।

Share This