'চলিত সপ্তাহতে শান্তি চুক্তিৰ সম্ভাৱনা', ইৰান যুদ্ধৰ অন্ত পৰিল : ট্রাম্প

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : ইৰান যুদ্ধৰ অন্ত পৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ঘোষণা কৰে। ট্রাম্পে এক ভার্চুৱেল ৰেলীত তেওঁৰ সমৰ্থকসকলৰ আগত এই ঘোষণা কৰে। তেওঁ লগতে এইবুলিও দাবী কৰে যে ইৰানে কেতিয়াও পাৰমাণৱিক অস্ত্র নির্মাণ নকৰে। ইয়াৰ আগতে ট্রাম্পে হোৱাইট হাউছত সাংবাদিকৰ আগত কয় যে ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইয়ে দুয়ো দেশৰ মাজত হ'বলগীয়া নতুন চুক্তিত অনুমোদন জনাইছে।

তেওঁ জনোৱা মতে, চলিত সপ্তাহতে ইৰানৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব পাৰে। যদি সকলো ঠিকে-ঠাকে থাকে, তেতিয়া ইয়াত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও অংশগ্রহণ কৰিব বুলিট্রাম্পে কয়। ইৰান আৰু আমেৰিকাৰ মাজৰ সম্ভাব্য শান্তি চুক্তিৰ প্ৰস্তুতি চলোৱাৰ বাবে আমেৰিকাৰ বায়ুসেনাৰ চাৰিখন বিমান ইউৰোপলৈ প্ৰেৰণ কৰা হৈছে। এক্সিঅ'ছে প্রকাশ কৰা মতে, এই বিমানকেইখনত উপ-ৰাষ্ট্ৰপতি ভেন্সৰ বাবে প্রয়োজনীয় সামগ্রী তথা সা-সঁজুলি লৈ যোৱা হয়। 

উল্লেখযোগ্য যে মার্কিন সেনাই ইৰানত পুনৰ আক্ৰমণ কৰাৰ বাবে সাজু হৈছিল। আক্রমণলৈ মাত্র তিনি ঘণ্টা সময় বাকী থকা অৱস্থাত ট্রাম্পে মার্কিন সেনাক সামৰিক অভিযান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। এন বি চি নিউজে প্রকাশ কৰা মতে, মার্কিন সেনাই ইৰানত আক্ৰমণৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছিল আৰু লক্ষ্যস্থানো নির্ধাৰণ কৰিছিল। আমেৰিকাৰ নৌসেনায়ো অভিযানৰ প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছিল আৰু অস্ত্র-শস্ত্ৰও মোতায়েন কৰিছিল। ট্রাম্পে হঠাতে অভিযান বন্ধ ৰখাৰ বাবে দিয়া নির্দেশে মার্কিন সেনাত বিভ্রান্তিৰ সৃষ্টি কৰে। ট্রাম্পে হোৱাইট হাউছত সাংবাদিকৰ আগ কয় যে ইৰানৰ সৈতে কেইবামাহো ধৰি চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে এক ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ চুক্তিক অহা কেইদিনমানৰ ভিতৰত চূড়ান্ত ৰূপ দিয়া হ'ব। তেওঁ লগতে কয় যে চুক্তিৰ বাবে প্রয়োজনীয় নথি-পত্ৰসমূহ প্রস্তুত কৰি থকা হৈছে আৰু এই কাম ক্ষিপ্ৰতাৰে হোৱা উচিত। তেওঁৰ মতে, আন লোকসকলৰ দৰেই ইৰানেও যিমান পাৰে সোনকালে এই চুক্তিত স্বাক্ষৰ কৰিবলৈ বিচাৰিছে। তেওঁ সাংবাদিকক লগতে জনায় যে চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে বিশ্বৰ বাবে হৰমুজ প্রণালী খুলি দিয়া হ'ব আৰু এই প্রক্রিয়া অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব। ইফালে ইৰানৰ অৰ্ধ-চৰকাৰী বাতৰি প্ৰতিষ্ঠান ফাৰছ বাতৰি প্ৰতিষ্ঠানে কয় যে ইৰানী বিষয়াসকলে এই নতুন চুক্তিৰ খচৰাৰ সম্পৰ্কত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই। 

স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ইৰানে আগবঢ়োৱা খচৰা চুক্তিৰ মূল প্ৰস্তাৱসমূহ আমেৰিকাই গ্ৰহণ কৰাৰ লগে লগে চুক্তিত আনুষ্ঠানিকভাৱে সন্মতি জনোৱাৰ সম্ভাৱনা বৃদ্ধি পালে। ইফালে ইৰানে আগবঢ়োৱা শান্তি চুক্তিৰ যিবিলাক প্ৰস্তাৱ ইৰানী সংবাদ মাধ্যমত প্রকাশ পাইছে, তাৰ কোনো ভিত্তি নাই বুলি ট্রাম্পে কয়। তেওঁৰ মতে, ইৰানে প্রকাশ কৰা ভুৱা প্ৰস্তাৱসমূহৰ লিখিত প্ৰস্তাৱৰ সৈতে কোনো সম্পর্ক নাই। ইফালে ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ইছমাইল বগায়ে কয় যে আমেৰিকাৰ সৈতে কৰিবলগীয়া চুক্তি এতিয়াও চূড়ান্ত কৰা হোৱা নাই। তেওঁ কয় যে ইৰানে এতিয়ালৈকে কোনো প্ৰস্তাৱৰ সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লোৱা নাই। 

উল্লেখযোগ্য যে ট্রাম্প আৰু ইৰানৰ মাজত বিবেচনাধীন হৈ থকা প্ৰস্তাৱসমূহৰ ভিতৰত হৰমুজ প্রণালী পুনৰ খোলা, দুমাহৰ বাবে যুদ্ধবিৰতি আৰু ইৰানৰ সমৃদ্ধ ইউৰেনিয়ামৰ বিষয়টোও আছে। ইফালে ইৰানী বাতৰি প্ৰতিষ্ঠানে প্রকাশ কৰা খচৰা চুক্তি মতে, দেশখনে হৰমুজ প্রণালীৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে নিজৰ হাতত ৰাখিব। ইয়াৰ লগতে ইৰানক তৎক্ষণাত নগদ ২৪০০ কোটি ডলাৰ দিয়া হ'ব আৰু পুনৰ নিৰ্মাণৰ বাবে ৩০০০ কোটি ডলাৰ দিয়া হ'ব। ইয়াৰ লগতে ইৰানৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ লগতে মধ্য প্রাচ্যৰ পৰা মার্কিন সেনা প্রত্যাহাৰ কৰা হ'ব। তদুপৰি ইৰানে নিজৰ ক্ষেপণাস্ত্ৰ আৰু সহযোগী গোটবোৰৰ জৰিয়তে আমেৰিকাৰ বাবে পুনৰ সমস্যাৰ সৃষ্টি নকৰাৰ প্ৰতিশ্রুতিও আছে। আনহাতে, আমেৰিকাক পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ প্ৰতিৰোধ চুক্তিক সন্মান জনোৱাৰ প্ৰতিশ্রুতি দিয়া হ'ব। ইয়াৰ লগতে আমেৰিকাই ইৰানৰ সাৰ্বভৌমত্বক সন্মান জনাব লাগিব, পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ আৰু আমেৰিকাৰ নিষেধাজ্ঞাৰ লগতে ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় আণবিক শক্তি আয়োগৰ প্ৰস্তাৱসমূহ নিষ্ক্রিয় কৰাৰ বাবে আলোচনা কৰিবলৈ ৬০ দিন সময় দিয়া হ'ব। ইয়াৰ লগতে এই চুক্তিক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এক প্রস্তাৱযোগে আনুষ্ঠানিকভাৱে অনুমোদন জনাব লাগিব।

Share This