ডিজিটেল ডেস্ক : বিশ্বকাপক লৈ আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। আসন্ন ফুটবল মহাৰণখনত ভাগ ল'বলৈ ৰাওনা হোৱাৰ আগেয়ে ইৰানে আমেৰিকাৰ পৰা এক বার্তা লাভকৰিছে। সেই অনুসৰি আমেৰিকাত খেলা মেচখনৰ ২৪ ঘণ্টাৰ ভিতৰত ইৰানে নির্দিষ্ট চহৰখন এৰি যাব লাগিব। এটা নিৰ্দিষ্ট দিনত পৰৱৰ্তী মেচ খেলিবলৈ উভতি আহিব ইৰান।
এই কথাত ইৰান একেবাৰে সুখী নহয়। লগতে বহু সংখ্যক সহায়ক কৰ্মচাৰীৰ ভিছা প্রদানত পলম হোৱাৰ বাবেও তেওঁলোক আমেৰিকাৰ ওপৰত ক্ষুভিত হৈ পৰিছে। ইৰানক কোৱা হৈছে যে যিদিনা মেচ থাকিব সেই দিনা পুৱাই আহি মেচ খেলিয়েই যেন মেক্সিকোলৈ উভতি যায়। মেক্সিকোত থকা ইৰানৰ ৰাষ্ট্ৰদূতে কয় যে উত্তপ্ত পৰিস্থিতিৰ বাবে কোৱা হৈছে যে আমেৰিকাত উপস্থিত হৈ মেচখন খেলাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোক ইবানে গ্ৰুপৰ নিজৰ সকলো মেচ লছ এঞ্জেলছ আৰু ছিয়াটলত খেলিব।
ইৰানৰ ৰাষ্ট্ৰদূত আবোলফাজী পাছান দিদেহে কয়, 'আমেৰিকাত আমি পুৱাই উপস্থিত হ'ব লাগিব আৰু একেদিনাই প্রস্থান কৰিব লাগিব।' আমেৰিকাই জনাইছিলে কোনো ধৰণেৰে ইৰানে যাতে দেশখনত উগ্রপন্থীক প্ৰৱেশ কৰাত সহযোগ কৰিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে।