ডিজিটেল ডেস্ক : আমেৰিকাত অনুষ্ঠিত হ'বলগীয়াত বিশ্ব কাপ ফুটবলত খেলিব ইৰানে। ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে এই ঘোষণা কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলায়। পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতে ই ৰানৰ দলটোক বিশ্ব কাপ খেলিবৰ বাবে আমেৰিকালৈ প্রেৰণ কৰিবলৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।
ভেংকুৱাৰত অনুষ্ঠিত হোৱা ফিফা কংগ্রেছত ইনফান্টিনোৱে কয় যে ইৰানে বিশ্ব কাপত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ মেচসমূহ আমেৰিকাত অনুষ্ঠিত হ'ব।
তেওঁ কয়, 'মই আৰম্ভণিতে এটা কথা স্পষ্ট কৰিব বিচাৰোঁ। অর্থাৎ আগন্তুক বিশ্ব কাপত ইৰানে নিশ্চিতভাৱে ভাগ ল'ব। কাৰণটো সহজ। আমি একত্রিত হ'ব লাগিব। এয়া মোৰ দায়িত্ব। এইটো আমাৰ দায়িত্ব। ফুটবলে বিশ্বক একত্রিত কৰে।' উল্লেখযো্য যে ইৰানে একেৰাহে চতুৰ্থবাৰলৈ বিশ্ব কাপত খেলিব।