ডিজিটেল ডেস্ক: ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা যুদ্ধই অতি ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে। ইজৰাইল আৰু আমেৰিকাই প্রচণ্ড আক্ৰমণ কৰি থকাৰ মাজতে ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰৰ (আই আৰ জি চি) এজন বিষয়াই এই বুলি ভাবুকি দিয়ে যে যদিহে তেওঁৰ দেশত ইজৰাইল আৰু আমেৰিকাই তেওঁৰ দেশত ক্ষমতাৰ পৰিৱৰ্তন কৰিবলৈ বিচাৰে তেতিয়া ইৰানে নিজৰ অন্তিম বিধ্বংসী ক্ষেপণাস্ত্ৰৰে ইজৰাইলৰ ডিমোনা পাৰমাণৱিক ৰিয়েক্টৰত আক্ৰমণ কৰিব।
বিষয়াজনে লগতে এই বুলিও ভাবুকি দিয়ে যে আই আৰ জি চিয়ে সমগ্র মধ্য প্রাচ্যৰ শক্তিৰ আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণ কৰিব। আই আৰ জি চিৰ এই ভাবুকিয়ে সমগ্র বিশ্বত উদ্বেগৰ সৃষ্টি কৰিছে। ইৰানে এই পাৰমাণৱিক ৰিয়েক্টৰটোত যদি আক্রমণ কৰে, তেতিয়া পাৰমাণবিক বোমাৰ বিস্ফোৰণতকৈ অধিক ভয়াৱহ প্ৰভাৱ পৰিব। ইজৰাইলৰ ডিমোনাত থকা শ্বিমন পেৰেজ নেগেভ পাৰমাণৱিক গৱেষণা কেন্দ্ৰটোক অতি স্পৰ্শকাতৰ পাৰমাণৱিক কেন্দ্ৰ ৰূপে গণ্য কৰা হয়। এই কেন্দ্রটোত অস্ত্র ৰূপে ব্যৱহাৰ কৰিব পৰা প্রায় ৮০০ কিল'গ্রামতকৈ অধিক প্লুটোনিয়াম আছে। ইয়াৰ উপৰি যোৱা ছটা দশকৰ পাৰমাণৱিক আৱৰ্জনাকে ধৰি আন তেজষ্ক্রিয় পদার্থ ইয়াত জমা হৈ আছে। এই পাৰমাণৱিক কেন্দ্ৰটোত ইৰানে আক্ৰমণ কৰিলে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ পাৰমাণৱিক ৰিয়েক্টৰত থকা তেজষ্ক্রিয় পদার্থ বায়ুমণ্ডলত বিয়পি পৰিব। ইয়াৰ ফলত তেজষ্ক্রিয় ডাৱৰৰ সৃষ্টি হ'ব আৰু বতাহৰ জৰিয়তে বহু দূৰলৈ বিয়পি পৰিব। ইয়াৰ লগে লগে বায়ুমণ্ডলো বিষাক্ত হৈ পৰিব। এই ৰিয়েক্টৰত আক্ৰমণ কৰিলে তেজষ্ক্রিয় বিকিৰণে প্রথমে ডিমোনা মহানগৰত আৰু পিছলৈ সমগ্র ইজৰাইলত বিয়পি পৰিব। পাছত ৫০ লাখ লোকে বাস কৰা উপকূলীয় অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব। ইয়াৰ ফলত প্রায় দুই লাখ লোকক কেন্দ্ৰটোৰ ৩০ কিল 'মিটাৰ ব্যাসার্ধৰ এলেকাৰ পৰা আঁতৰাব লাগিব। দীর্ঘদিনলৈ ২৫০০-ৰ পৰা ৩ হাজাৰ বৰ্গ কিল'মিটাৰ এলেকা বসবাসৰ উপযোগী হৈ নাথাকিব। আই আৰ জি চিৰ এই ভাবুকিৰ পাছতে পাৰস্য উপসাগৰীয় দেশবোৰ গভীৰ চিন্তাত পৰিছে।
আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি এজেঞ্চিয়ে (আই এ ই এ) এইবুলি সতৰ্ক কৰি দিয়ে যে এই যুদ্ধই এতিয়া পাৰমাণৱিক ভাবুকিৰ ৰূপ লোৱাৰ দিশত গতি কৰিছে। ইৰানৰ এই ভাবুকিৰ পাছতে জর্ডান আৰু ইজিপ্তে এখন জৰুৰী বৈঠক আহ্বান কৰি বিষয়টোৰ প্ৰসংগত আলোচনা কৰে। ডিমোনাৰ পৰা তেজষ্ক্রিয় বিকিৰণ হ'লে জর্ডান আটাইতকৈ বেছি প্ৰভাৱিত হ'ব।
ইফালে, ইৰানৰ এই ভাবুকিক লৈ মধ্য প্রাচ্যৰ আন দেশ ক্রমে সংযুক্ত আৰব আমিৰাট (ইউ এ ই), ছৌডি আৰব, বাহৰেইন আৰু কুৱেইটো উদ্বিগ্ন হৈ পৰিছে। বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, ডিমোনাত আক্ৰমণ কৰিলে সমগ্র মধ্য প্রাচ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ইফালে, আই এ ই এৰ মুৰব্বী ৰাফেল গ্ৰছিয়ে এই বুলি প্রকাশ কৰে যে ইৰানৰ প্ৰায় ৬০% সমৃদ্ধ কৰা ৪৪০ কিল'গ্রামতকৈ অধিক ইউৰেনিয়াম এতিয়াও সুৰংগত সুৰক্ষিত অৱস্থাত আছে আৰু এই ইউৰেনিয়ামখিনিৰে দেশখনে কমেও ১০টা পাৰমাণবিক বোমা নির্মাণ কৰিব পাৰে।