আব্রাহাম লিংকন যুঁজাৰু জাহাজত ইৰানৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ আঘাত

dainik janambhumi March 02, 2026

ডিজিটেল ডেস্ক: সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক হত্যা কৰাৰ পাছত ইৰানী সেনাই কালি দ্বিতীয় দিনা প্রচণ্ড আক্রমণেৰে মধ্য প্রাচ্য ধুঁৱলী-কুঁৱলী কৰি তোলে। 

ইৰানে কালি পাৰস্য উপসাগৰত থকা আমেৰিকাৰ যুঁজাৰু বিমান বাহক জাহাজ আব্রাহাম লিংকনত বেলিষ্টিক ক্ষেপণাস্ত্রৰে আঘাত হানে। ইৰানী সেনাই দাবী কৰা মতে, কালি অপাৰেশ্যন ট্রু প্রমিজৰ অধীনত চলোৱা অভিযানৰ সময়ত 'আব্ৰাহাম লিংকন'ত চাৰিটা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্রমণ কৰা হয়। অৱশ্যে আমেৰিকাৰ সেনাই এই দাবী অগ্রাহ্য কৰি কয় যে যুঁজাৰু জাহাজখনত কোনো ধৰণৰ ক্ষেপণাস্ত্র আক্রমণ হোৱা নাই। 

ইফালে ইৰানত চলোৱা সামৰিক অভিযানৰ সময়ত তিনিজন মার্কিন সৈন্য নিহত হোৱা বুলি আমেৰিকাই স্বীকাৰ কৰে। ইজৰাইলৰ শ্বেমেছত এটা আৱাসিক এলেকাত ইৰানৰ ক্ষেপণাস্ত্র পৰাৰ ফলত আঠজন লোক নিহত হয়। আনহাতে সংযুক্ত আৰব আমিৰাটত কালি ইৰানে ক্ষেপণাস্ত্র আৰু ড্র'নেৰে প্রচণ্ড আক্রমণ কৰে। ইউ এ ইৰ বায়ু সেনাই প্রকাশ কৰা মতে, ইৰানৰ ২০টা ক্ষেপণাস্ত্র ধ্বংস কৰা হয় আৰু ৮টা সাগৰত পেলোৱা হয়। ইৰানী সৈনিকে কালি ইউ এ ইৰ শ্বাৰজাহক লক্ষ্য কৰি লয়। মহানগৰখনত ক্ষেপণাস্ত্র আক ড্র'নেৰে আক্রমণ কৰা হয়। 


ইৰানৰ আক্রমণৰ পাছত শ্বাৰজাহৰ কেইবা ঠাইতো ধোঁৱাৰ কুণ্ডলি দেখা পোৱা হয়। শ্বাৰজাহৰ এটা‌ শ্বপিং মলত ইৰানী ড্র'নৰ ধ্বংসাৱশেষ পৰাত মলটো সম্পূর্ণৰূপে ক্ষতিগ্রস্ত হয়। ইয়াৰ লগতে এটা বিশাল ষ্ট'ৰ হাউছতো ড্র'নেৰে আক্রমণ কৰা হয়।

ডুবাইতো কালি বিভিন্ন স্থানত বিস্ফোৰণৰ শব্দ শুনা গৈছে। ডুবাইৰ এটা বন্দৰৰ ক্ষতিসাধন হোৱাৰ লগতে বুর্জ আল আৰববো আক্রমণত ক্ষতি হয়। ইউ এ ইৰ প্রতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে, ইৰানে দেশখনত এতিয়ালৈকে ১৬৫টা বেলিষ্টিক আৰু দুটা ক্রুজ ক্ষেপণাস্ত্র আৰু ৫৪১খন ড্ৰ'নেৰে আক্রমণ কৰে। ইয়াৰ ৫০৬খন ড্র'ন ধবংস কৰা হয় যদিও বাকী ৩৫খন দেশৰ বিভিন্ন স্থানত আঘাত কৰে। 

ইফালে আমেৰিকাই কালি ই ৰানৰ আণ্ডাৰগ্রাউণ্ড ক্ষেপণাস্ত্র ভাণ্ডাৰত আক্রমণ কৰে। আমেৰিকাৰ চাৰিখন বি-২ বোমাবর্ষক বিমানে ইৰানৰ ক্ষেপণাস্ত্র ভাণ্ডাৰ থকা স্থানত প্রায় ২০০০ পাউণ্ড ওজনৰ বোমা পেলায়। কুৱেইটতো প্রায় ১০০টা ক্ষেপণাস্ত্র আৰু প্রায় তিনিশখন ড্র'নেৰে আক্রমণ কৰা হয়।

Share This