ক্ষেপণাস্ত্ৰৰ আক্ৰমণত শতাধিক শিশু নিহত, ইৰানী ফুটবল দলৰ আৱেগিক প্রতিবাদ

dainik janambhumi March 29, 2026

ডিজিটেল ডেস্ক: ইৰানৰ পুৰুষ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে তুৰস্কত নাইজেৰিয়াৰ বিৰুদ্ধে খেলা এখন মৈত্রী মেচত যুদ্ধত আমেৰিকা আৰু ইজৰাইলে ক্ষেপণাস্ত্র আক্রমণেৰে কেইবাশ শিশুক হত্যা কৰাৰ অতি আৱেগিক আৰু কঠোৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

মেচৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত ইৰানী খেলুৱৈসকলে হাতত ক'লা কাপোৰৰ পটি বান্ধে আৰু হাতত স্কুল বেগ লৈ আছিল। খেলুৱৈসকলে হাতত গুলপীয়া আৰু বেঙুনীয়া ৰঙৰ স্কুল বেগ লৈ শাৰী পাতি থিয় হয়। ইৰানৰ বিৰুদ্ধে যুদ্ধৰ প্ৰথম দিনা আমেৰিকা আৰু ইজৰাইলী সৈন্যই শ্বজেৰ তৈয়বা স্কুলত ক্ষেপণাস্ত্ৰৰে কৰা আক্ৰমণত ১৭৫জনকৈ অধিক লোক নিহত হৈছিল। ইয়াৰে ১৬৫টা আছিল শিশু। 

উল্লেখযোগ্য যে আমেৰিকা, মেক্সিকো আৰু কানাডাত হ'বলগীয়া ফিফা বিশ্ব কাপত এইবাৰ ইৰানে যোগ্যতা অর্জন কৰা সত্ত্বেও খেলিব নোৱাৰিবও পাৰে। ইৰানে আমেৰিকাত বিশ্ব কাপৰ মেচ নেখেলে বুলি স্পষ্ট কৰি দিয়াৰ লগতে এই বিষয়টোক লৈ ফিফাৰ সৈতে আলোচনাও কৰি আছে।

Share This