মধ্যপ্রাচ্যত মার্কিন সেনাক সুৰক্ষা নিদিব, উপসাগৰীয় দেশসমূহলৈ ইৰানী সামৰিক বাহিনীৰ সকীয়নি

dainik janambhumi March 14, 2026

ডিজিটেল ডেস্ক  : মধ্যপ্রাচ্যত মার্কিন সেনাৰ সুৰক্ষা কৱচ হিচাপে কাম নকৰিবলৈ আৰবীয় দেশক আহ্বান জনাইছে ইৰানে। লগতে আৰব ৰাষ্ট্ৰসমূহত খোপনি পুতি ইৰানৰে যুদ্ধ অব্যাহত ৰখা মার্কিন সেনাকো ভয়াৱহ আক্ৰমণৰ ভাবুকি দিছে মধ্যপ্রাচ্যৰ ৰাষ্ট্ৰখনে। ইৰানৰ ইছলামিক বিভ'লিউশ্যনেৰী গার্ডে (আই আৰ জি চি) আৰব ৰাষ্ট্ৰসমূহলৈ মার্কিন সেনাক সুৰক্ষা নিদিবৰ বাবে ইতিমধ্যেই বাৰ্তা প্ৰেৰণ কৰিছে। তদুপৰি, আৰব ৰাষ্ট্ৰসমূহত থকা মার্কিন সেনাৰ ঘাটিসমূহক সুৰক্ষা নিদিবৰ বাবেও আহ্বান জনাইছে। 

উল্লেখযোগ্য যে মার্কিন সেনাই মধ্যপ্রাচ্যৰ বহুকেইখন আৰব দেশত নিজৰ ঘাটি স্থাপন কৰি ৰখাৰ লগতে ইৰানৰ ওপৰত আক্ৰমণ সংঘটিত কৰি আহিছে। কিন্তু ইৰানে মার্কিন সেনাক লক্ষ্য কৰি কৰা প্ৰত্যাক্ৰমণক মধ্যপ্রাচ্যৰ দেশসমূহৰ এয়াৰ ডিফেন্স ছিষ্টেমৰ জৰিয়তে প্ৰতিৰোধ কৰি আহিছে। উল্লেখযোগ্য যে আৰবীয় দেশসমূহৰ ভিতৰত কাটাৰ, কুৱেইট, বাহৰেইন, সংযুক্ত আৰব আৰু ছিৰিয়াত মার্কিন সেনাই ঘাটি স্থাপন কৰি থৈছে। ইয়াৰ বেছিভাগেই হৈছে বায়ু সেনাৰ ঘাটি। আমেৰিকা আৰু ইজৰাইলে ২৮ ফেব্ৰুৱাৰীত ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছত এই মার্কিন সেনাৰ ঘাটিসমূহৰ পৰাও অহৰহ আক্রমণ চলাই থকা হৈছে। ইৰানে ইয়াৰ প্ৰত্যাক্ৰমণ স্বৰূপে মার্কিন সেনাৰ ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণক আৰব দেশসমূহৰ এন্টি মিছাইল ছিষ্টেম, এয়াৰ ডিফেন্স ছিষ্টেমে বিফল কৰি আহিছে। যাৰ পৰিণতিত ইৰানে আৰব দেশসমূহলৈ আহ্বান জনাইছে যে আমেৰিকাৰ সেনা ঘাটি আৰু সেনাৰ সুৰক্ষা কৰচ হিচাপে কাম নকৰিব। তদুপৰি, আৰব দেশসমূহৰ জনসাধাৰণক উদ্দেশ্যি ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ডে মধ্যপ্রাচ্যৰ যিকোনো স্থানতে মার্কিন সেনা দেখা মাত্রেই টেলিগ্রামযোগে ইৰানে অৱগত কৰাৰ বাবে আহ্বান জনাইছে। আই আৰ ডি চিয়ে প্রকাশ কৰিছে যে মধ্যপ্রাচ্যত প্রায় ১১ হাজাৰ মার্কিন সেনা মোতায়েন কৰা আছে। এই সেনাৰ লোকসকলৰ বহুতে হোটেল বা আন ব্যক্তিগত প্রতিষ্ঠানত আশ্রয় লৈ আছে। 

মার্কিন সেনাক সুৰক্ষা আৰু আলপৈচান নধৰাৰ বাবে আৰবৰ জনতালৈ আহ্বান জনাইছে আই আৰ জি চিয়ে। তদুপৰি, মধ্যপ্রাচ্যত থকা মার্কিন সেনাৰ ওপৰত ইৰানে আক্ৰমণৰ সিদ্ধান্ত লোৱা বুলি প্রকাশ কৰি আই আৰ জি চিয়ে সাধাৰণ জনতাক সুৰক্ষিত স্থানলৈ যোৱাৰ আহ্বান জনায়। ইফালে মার্কিন বায়ু সেনাৰ এখন বিমান শুকুৰবাৰে ইৰাকত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বিমানখনত থকা ছজন লোকৰ আইকেইজনৰে মৃত্যু হয়।

Share This