ইজৰাইলৰ আক্ৰমণ অব্যাহত, যুদ্ধত নিহত ইৰানৰ নৌ সেনাৰ মুৰব্বী

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক: ইজৰাইলৰ এক বিমান আক্ৰমণত ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰৰ (আই আৰ জি চি) নৌ সেনাৰ মুৰব্বীৰ মৃত্যু হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰীয়ে এই দাবী কৰে। 

মন্ত্ৰী ইজৰাইল কাটজে এক ভিডিঅ' বিবৃতিত কয় যে বুধবাৰে নিশা আলীৰেজা তাংছিৰিৰ হত্যাৰ ঘটনা সংঘটিত হয়। তেওঁ কয়, 'মাইন পোতাৰ দৰে সন্ত্রাসবাদী অভিযান আৰু হৰমুজ প্রণালী অৱৰোধ কৰাৰ বাবে যিজন লোক দোষী তেওঁক বিস্ফোৰণেৰে হত্যা কৰা হ'ল।' পাছত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফে) দাবী কৰে যে এই আক্ৰমণত আই আৰ জি চিৰ নৌ সেনাৰ সকলো প্ৰধান কমাণ্ডাৰৰ মৃত্যু হৈছে। 

ইৰানক ভাবুকি ট্রাম্পৰ, বৃহস্পতিবাৰে ট্ৰুথ ছ'চিয়েলত আলোচনাৰ বাবে ইৰানক এক প্ৰকাৰ ভাবুকি দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয়, 'অতি পলম হোৱাৰ আগতে' তেওঁলোকে (ইৰানৰ নেতাসকলে) গুৰুত্ব দিয়া উচিত, কাৰণ এবাৰ হৈ গ'লে, ওভতাৰ পথ নাই।' এখন চুক্তি হ'বলৈ গৈ আছে বুলি দাবী কৰাৰ এদিনৰ পাছতে ট্রাম্পে এইদৰে কয়।

Share This