ট্রাম্পক হত্যাৰ পৰিকল্পনা ইৰানী সংসদৰ

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক হত্যাৰ ভয়ংকৰ পৰিকল্পনা ৰচিছে ইৰানে। দেশখনৰ চৰকাৰৰ উদ্যোগতে আৰম্ভ হৈছে এই ষড়যন্ত্র। ইতিমধ্যে ট্রাম্পক হত্যা কৰা লোকলৈ ৫০ নিযুত ইউৰোৰ পুৰস্কাৰ আগবঢ়োৱা বিষয়ক এখন বিধেয়ক সন্দৰ্ভত ইৰানৰ সংসদত পর্যালোচনা চলি আছে। কোনো উপযুক্ত কাৰণ নোহোৱাকৈ ইৰানত আক্ৰমণ চলাই দেশখনৰ সর্বোচ্চ নেতা আলী খামেনেই আৰু কেইবাজনো শীর্ষ সামৰিক বিষয়াৰ হত্যাৰ প্রতিশোধকল্পেই ইৰানে ড'নাল্ড ট্রাম্পক হত্যাৰ পৰিকল্পনা কৰিছে। 

ইৰানৰ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতি সমিতিৰ মুৰব্বী ইব্রাহিম আজিজিয়ে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পাছৰ পৰা দেশখনৰ সংসদত কেইবাখনো বিধেয়ক উত্থাপন হৈছে। ইয়াৰ ভিতৰত আমেৰিকাৰ বিৰুদ্ধে প্রতিশোধমূলক ব্যৱস্থাৰ বিধেয়কখনো আছে। এই বিধেয়ক অনুসৰি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক হত্যা কৰাৰ বাবে ৫০ নিযুত ইউৰোৰ পুৰস্কাৰ ঘোষণা কৰা হ'ব। 

ইফালে, আমেৰিকাৰ সেনাৰ হাতত গ্ৰেপ্তাৰ হোৱা 'প্রক্সী সন্ত্রাসবাদী গোট'ৰ কমাণ্ডাৰ মহম্মদ বাকেৰ ছাদ ডাউদ আল-ছাদিয়ে স্বীকাৰ কৰিছে যে এই সন্ত্রাসবাদী গোটটোৱেও মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক হত্যাৰ পৰিকল্পনা কৰিছিল। ইৰান সমর্থিত সন্ত্রাসবাদী গোটৰ নেতা আল-ছাদি ইৰাকৰ বাসিন্দা। আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছতে আল-ছাদিৰ উত্থান হয় আৰু তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিক হত্যাৰ পৰিকল্পনা আৰম্ভ কৰে।

Share This