ভোটাৰ তালিকাত অনিয়ম, ছোনিয়া গান্ধীলৈ জাননী আদালতৰ

dainik janambhumi December 10, 2025

ডিজিটেল ডেস্ক: কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী কালি তেওঁৰ ৭৯ সংখ্যক জন্মদিনৰ দিনাই এক বিব্রতজনক পৰিস্থিতিৰ সন্মুখীন হয়। জন্মদিনটোতে দিল্লীৰ এখন আদালতে কংগ্ৰেছৰ প্রাক্তন সভানেত্ৰীগৰাকীলৈ জাননী জাৰি কৰে। 

ছোনিয়া গান্ধীৰ নাম ১৯৮০-৮১ বৰ্ষৰ ভোটাৰ তালিকাত অবৈধভাৱে সংযোজিত কৰা বুলি অভিযোগ কৰি আদালতত এখন আৱেদন দাখিল কৰা হৈছিল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে এই আৱেদনৰ ভিত্তিত ছোনিয়া গান্ধীলৈ জাননী জাৰি কৰে। ইয়াৰ লগতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা আৱেদন দণ্ডাধীশে অগ্রাহ্য কৰি দিয়া ৰায়টোকো প্রত্যাহ্বান জনোৱা হৈছে এই আৱেদনত।

আদালতে এই সন্দৰ্ভত চৰকাৰলৈও জাননী জাৰি কৰিছে আৰু এই সন্দৰ্ভত সম্পূৰ্ণ গোচৰৰ তথ্য (টি চি আৰ) বিচাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৬ জানুৱাৰীত লোৱা হ'ব। ছোনিয়া গান্ধী আৰু ৰাজ্য চৰকাৰে ইয়াৰ আগতে জাননীৰ উত্তৰ দিব লাগিব। উক্ত আৱেদনত বিকাশ ত্রিপাঠীয়ে এই বুলি দাবী কৰে যে ছোনিয়া গান্ধীৰ নাম নতুন দিল্লী বিধানসভা সমষ্টিৰ ১৯৮০ চনৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছিল, কিন্তু তেওঁ ১৯৮৩ চনৰ এপ্ৰিলতহে ভাৰতীয় নাগৰিক হৈছিল।

Share This