ডিজিটেল ডেস্ক: বাংলাদেশত তাৰেক ৰহমানৰ বি এন পি নেতৃত্বাধীন চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা পাকিস্তানৰ চোৰাংচোৱা সংস্থা, আই এছ আই দেশখনত সক্রিয় হৈ উঠিছে। আই এছ আইৰ নিৰ্দেশত বাংলাদেশৰ ইছলামিক মৌলবাদী গোটবোৰে চলিত বৰ্ষৰ প্রথম তিনি মাহত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে ১৩৩টা আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে। এই আক্ৰমণৰ ঘটনাসমূহৰ আঁৰত পাকিস্তানী আই এছ আইৰ হাত থকাটো স্পষ্ট হৈ পৰিছে।
আনহাতে, এই হিংসা-হত্যাৰ ঘটনাৰ বিষয়ত বাংলাদেশৰ বি এন পিৰ চৰকাৰখনে নীৰৱ ভূমিকা পালন কৰি আছে। ২০২৫ আৰু ২০২৬ চনত ঢাকাৰ পৰা অহা সাম্প্রদায়িক হিংসাত্মক ঘটনাৰ বিষয়ত এটা শব্দই উচ্চাৰিত হৈ আছে, সেইটো হৈছে কৃত্রিম অৰাজকতা। ইয়াৰ অৰ্থ হ'ল বাংলাদেশত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে হিংসা-অত্যাচাৰৰ ঘটনা হৈ আছে, কিন্তু এই হিংসাত্মক ঘটনাবোৰক সংগঠিত আৰু পৰিকল্পিত ৰূপত কৃত্রিম অৰাজকতা আখ্যা দিয়া হৈছে যাতে এই হিংসাত্মক ঘটনা হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে হোৱাই নাই। হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে এই হিংসাৰ পৰিকল্পনা কৰা পৰা ব্যক্তিসকল ঢাকাৰ ইছলামাবাদলৈকে সক্রিয় হৈ আছে।
শেহতীয়াকৈ বাংলাদেশ আৰু পাকিস্তানৰ মাজত সামৰিক আৰু কূটনৈতিক সম্পর্ক বৃদ্ধি হৈছে। ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰসমূহে প্রকাশ কৰা মতে, বিত্তীয় সাহায্য, অপপ্ৰচাৰ আদিৰ মাধ্যমেৰে বাংলাদেশৰ মহানগৰ আৰু
চহৰসমূহত পাকিস্তানৰ আই এছ আয়ে প্ৰভাৱ বিস্তাৰ কৰিছে। এই সাংগঠনিক বিস্তাৰ অভিযানৰ অংশ হিচাপে বাংলাদেশত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণৰ ঘটনাত সাৰ-পানী যোগাইছে আই এছ আয়ে।
বাংলাদেশ হিন্দু-বৌদ্ধ-খ্রীষ্টান একতা পৰিষদে প্রকাশ কৰা মতে, ২০২৬ চনৰ প্ৰথম তিনিটা মাহত দেশখনত ১৩৩টা হিন্দু-বিৰোধী সাম্প্রদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে। অধিকাংশ ঘটনাতে স্থানীয় মুছলমান মৌলবাদী লোক জড়িত আছে। কিন্তু এই ঘটনাবোৰ সংঘটিত কৰাৰ আঁৰত আই এছ আই জড়িত থকাটো স্পষ্ট হৈ পৰিছে। আনহাতে, এটা বিস্ফোৰক খবৰ শেহতীয়াকৈ আহিছে যে বাংলাদেশ আৰু পাকিস্তানে নিজৰ নিজৰ চোৰাংচোৱাৰ খবৰ ভাগ-বাটোৱাৰা কৰাৰ চুক্তিত উপনীত হৈছে। আই এছ আয়ে বাংলাদেশৰ মছজিদ নেটৱৰ্কৰ জৰিয়তে ভাৰত-হিন্দু বিৰোধী অপপ্ৰচাৰ লিপ্ত হৈছে।
আনহাতে, বাংলাদেশী কট্টৰপন্থী মুছলমান মৌলবাদী সংগঠনসমূহৰ লোকসকলক হিন্দুৰ বিৰুদ্ধে উচটোৱা কাম কৰি আছে পাকিস্তানে।