৪ ছেপ্টেম্বৰৰ পৰা আই এছ এল, কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰীৰে বৈঠকত সিদ্ধান্ত

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : অৱশেষত আই এছ এল সম্পর্কীয় জটিলতাসমূহ বহু পৰিমাণে সলনি কৰা হৈছে। সোমবাৰে আই এছ এলৰ ক্লাবসমূহৰ প্রতিনিধি আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মণ্ডাভিয়া। কেন্দ্রীয় ক্রীড়া মন্ত্ৰীগৰাকীয়ে ক্লাবসমূহৰ মিত্রজোঁটে আই এছ এল পৰিচালনা কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আপাততঃ ফেডাৰেশ্যনৰ সৈতে আই এছ এল আয়োজনৰ দায়িত্ব ভাগ কৰি দিয়া হৈছে ক্লাবসমূহৰ হাততো। 

সেই অনুসৰি অহা ছেপ্টেম্বৰত প্ৰথম সপ্তাহতে আৰম্ভ হ'ব পাৰে আই এছ এল। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ক্লাবসমূহক তেওঁলোকৰ পৰিকল্পনা অনুসৰি আগবাঢ়ি যাবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে ক্লাবৰ মিত্রজোঁটক অহা ৪ বছৰৰ বাবে আর্থিক ৰূপৰেখা তৈয়াৰ কৰিবলৈ অনুৰোধ জনায়। ইফালে, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্রাক্তন সভাপতি প্রফুল পেটেলে এই বৈঠকত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পেটেলে বিভিন্ন পক্ষৰ মাজত আলোচনাৰ মাজেৰে সমাধান-সূত্র বাহিৰ কৰাৰ উদ্যোগ লয়। আনকি সম্প্ৰচাৰকাৰী বিচাৰি উলিয়াবলৈও দায়িত্ব লয় পেটেলে। 

আনহাতে, জানিব পৰা মতে আই এছ এল পৰিচালনাৰ বাবে ক্লাবৰ প্রতিনিধি আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ (এ আই এফ এফ) প্রতিনিধিক লৈ তৈয়াৰ কৰা হ'ব এখন কমিটী। প্রতিযোগিতাখন পৰিচালনাৰ বাবে যাৱতীয় সিদ্ধান্ত ল'ব এই কমিটীখনে। অহা ১৫ জুনৰ ভিতৰত এই কমিটীখন গঠন কৰা হ'ব। কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰীগৰাকীয়ে জনাইছে যে যিখন দেশত লায়নেল মেছিক লৈ ইমান উন্মাদনা দেখা যায় অথচ ফুটবল সম্প্ৰচাৰত লোকচান হোৱাটো বেছ আশ্চৰ্যকৰ। তাৰ মাজতে কেন্দ্রীয় ক্রীড়া মন্ত্ৰীগৰাকীয়ে আই এছ এল আয়োজনত সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।

Share This