ইছলামিক গোটৰ প্ৰতিবাদত উত্তাল ঢাকা

dainik janambhumi May 05, 2025

ডিজিটেল ডেস্কঃ মহিলাৰ বাবে সমঅধিকাৰৰ বিষয়ত বাংলাদেশৰ অন্তৰ্বতী চৰকাৰৰ বিৰুদ্ধে শনিবাৰে ২০ সহস্রাধিক ইছলামপন্থী প্রতিবাদকাৰীয়ে উত্তাল কৰে দেশখনৰ ৰাজধানী ঢাকাৰ ৰাজপথ। 

দেশখনত মহিলাৰ বাবে (বিশেষকৈ মুছলমান মহিলা) সমঅধিকাৰ প্ৰদানৰ ক্ষেত্ৰত অন্তবর্তী চৰকাৰখনৰ প্ৰস্তাৱিত অনুমোদনক গৰিহণা দি ঢাকাত শনিবাৰে ২০,০০০তকৈ অধিক এটা ইছলামিক গোটৰ সমর্থকসকলে প্রবল প্রতিবাদ সাব্যস্ত কৰে। হিফাজত-ই-ইছলাম গোটৰ নেতাই কয় যে প্ৰস্তাৱিত আইন সংস্কাৰখন হৈছে শ্বৰীয়া আইন-বিৰোধী। ঢাকা বিশ্ববিদ্যালয়ৰ সমীপত সমৱেত হোৱা ইছলামিক গোটটোৰ ২০ সহস্রাধিক অনুগামীয়ে হাতে হাতে বেনাৰ আৰু প্লে'কার্ড লৈ কয়, 'আমাৰ মহিলাৰ ওপৰত পশ্চিমীয়া আইন জাপি নিদিব, বাংলাদেশ জাগি উঠক।' যদি দেশখনৰ অন্তৰ্বৰ্তী চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে, তেনেহ'লে ইছলামিক গোটটোৱে ভাবুকি দিয়ে যে অহা ২৩ মে'ত দেশজুৰি তেওঁলোকে জনসভাৰ আয়োজন কৰিব। 

ইছলামিক গোটটোৰ নেতা মামুনুল হকে দাবী কৰে যে অন্তৱৰ্তী চৰকাৰৰ সংস্কাৰ আয়োগখন বাতিল কৰিব লাগে আৰু প্ৰস্তাৱিত সালসলনিৰ বাবে ইয়াৰ সদস্য সকলক শাস্তি দিব লাগে। তদুপৰি গোটটোৱে দেশখনত শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰে পৰা দেশখনত ইছলামিক গোটসমূহৰ কাৰ্যকলাৰ বৃদ্ধি পাইছে ।

Share This