ডিজিটেল ডেস্কঃ কাটাৰত আকাশী আক্ৰমণ কৰি হামাছৰ সন্ত্রাসবাদীক হত্যা কৰাৰ পাছত এতিয়া ইজৰাইলে ইজিপ্তৰ ৰাজধানী কাইৰোত থকা হামাছৰ সন্ত্রাসবাদীক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছে। ইজিপ্তৰ চৰকাৰে এই দাবী কৰে। ইজিপ্তৰ চৰকাৰী মুখপাত্রই ইজৰাইলক সতর্ক কৰি দি কয় যে যদি ইজৰাইলে ইজিপ্তত আক্রমণ কৰে, তেনেহ'লে দেশখনে গুৰুতৰ পৰিণাম ভুগিব লাগিব।
ইজিপ্তৰ এটা উচ্চস্তৰীয় চোৰাংচোৱা সূত্রই দাবী কৰে যে কাইৰোত থকা হামাছৰ নেতাসকলক হত্যা কৰিবলৈ ইজৰাইলে ষড়যন্ত্ৰ কৰিছে। উল্লেখযোগ্য যে ইজৰাইলে চলিত সপ্তাহত কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ নেতাক লক্ষ্য কৰি ১২টা আক্রমণ সংঘটিত কৰিছিল। ইফালে, কাটাৰত ইজৰাইলৰ আক্ৰমণৰ পাছতেই আৰবীয় দেশসমূহ ক্ষুব্ধ হৈ পৰিছে আৰু এই আক্রমণক আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘন বুলি আখ্যা দিছে। ইফালে, ইজৰাইলৰ আক্ৰমণৰ পাছতেই আমেৰিকাত উপস্থিত হ'ল কাটাৰৰ প্রধানমন্ত্রী। কাটাৰৰ প্রধানমন্ত্রী শ্বেখ মহম্মদ আল-থানীয়ে নিউয়র্কত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পসহ কেইবাজনো শীর্ষ নেতাক সাক্ষাৎ কৰে।
এই বৈঠকৰ পাছতে ট্রাম্পে ইজৰাইলী প্রধানমন্ত্রী নেটান্যাহুক ফ'ন কৰি কাটাৰত আক্ৰমণ কৰাৰ বাবে তেওঁ ক্ষোভ ব্যক্ত কৰে। ট্রাম্পে কাটাৰক আশ্বস্ত কৰে যে এনেধৰণৰ আক্ৰমণ কাটাৰত পুনৰ সংঘটিত নহয়।