ডিজিটেল ডেস্ক : পেলেষ্টাইনৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন বজাই ৰাখিবলৈ আৰু গাজাৰ জনসাধাৰণক সাহায্য প্রদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ স'তে কাম কৰিবলৈ ইজৰাইল বাধ্য বুলি আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে (আইচিজে) প্রকাশ কৰিছে। এই মৌলিক প্রয়োজনসমূহৰ ভিতৰত খাদ্য, পানী, আশ্রয়, ইন্ধন আৰু চিকিৎসা সেৱা আছে। এইক্ষেত্ৰত ইজৰাইলৰ ভূমিকা সন্দৰ্ভত আইচিজেই কয় যে ইজৰাইলে যুদ্ধৰ অংশ হিচাপে নাগৰিকক অনাহাৰে ৰখা কাৰ্য ত্যাগ কৰিব লাগিব আৰু পেলেষ্টাইনৰ অঞ্চলসমূহত বাস কৰা লোকসকলক জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ধৰাটো নিশ্চিত কৰিব লাগিব।
আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ ১১জনীয়া বিচাৰপীঠে কয় যে গাজা ষ্ট্ৰীপত পেলেষ্টাইনৰ শৰণাৰ্থীৰ বাবে ৰাষ্ট্ৰসংঘই প্ৰদান কৰা সাহায্য অভিযানৰ প্ৰতি ইজৰাইলে সমর্থন আগবঢ়াব লাগিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এন্টনিঅ' গুটেৰেছে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ এই পৰামৰ্শক স্বাগতম জনাইছে আৰু ইজৰাইলক সেই অনুসৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
ইপিনে, ইজৰাইলৰ বৈদেশিক ন্যায়ালয়ে ন্যায় আদালতৰ মতামতক কঠোৰভাৱে অস্বীকাৰ কৰি ইয়াত আন্তঃৰাষ্ট্ৰীয় আইনৰ ৰাজনীতিকৰণ বুলি উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগেও এই মতামতক ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত বুলি উল্লেখ কৰে। ইজৰাইলে বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কাৰ্য সংস্থাৰ কিছুসংখ্যক কৰ্মচাৰী সন্ত্রাসবাদী গোট হামাছ আৰু অন্যান্য সংগঠনৰ সদস্য বুলি অভিযোগ কৰি গাজাত এই সংস্থাৰ কাম-কাজত নিষেধাজ্ঞা জাৰি কৰিছিল।