সমগ্ৰ গাজা দখল কৰিব ইজৰাইলে

dainik janambhumi May 06, 2025

ডিজিটেল ডেস্ক : সমগ্র গাজা ষ্ট্ৰিপ দখল কৰিবলৈ তথা উক্ত অঞ্চলত অনির্দিষ্ট সময়লৈ থাকিবলৈ কৰা পৰিকল্পনাত সোমবাৰে ইজৰাইলে অনুমোদন জনায়। এই পৰিকল্পনা যদি ৰূপায়ণ কৰা হয়, তেন্তে পেলেষ্টাইনৰ উক্ত অঞ্চলত ইজৰাইলৰ অভিযান বৃদ্ধি পাব আৰু ই আন্তঃৰাষ্ট্ৰীয়ভাৱে বিৰোধিতাৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে। সোমবাৰে পুৱা ইজৰাইলৰ কেবিনেটে উক্ত পৰিকল্পনাত অনুমোদন জনায়। 

সংৰক্ষিত সৈন্যক মাতি পঠালে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে: পণবন্দীৰ মুক্তিৰ বাবে হামাছৰ ওপৰত হেঁচা দিবলৈ ইজৰাইলে সিদ্ধান্ত গ্রহণ কৰিছে। সেয়ে দেশখনে ১০ সহস্রাধিক সংৰক্ষিত সৈন্যক গাজা স্ট্রিপত আক্ৰমণ বৃদ্ধিৰ বাবে মাতি পঠাইছে। 

নৌ সেনাৰ কমাণ্ডোৰ এটা ঘাটি ভ্ৰমণ কৰাৰ সময়ত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ (আইডি এফ) চীফ অব জেনেৰেল ষ্টাফ এয়াল জমীৰে এই কথা ঘোষণা কৰে। কোল কেম, এইম প্তাহত আমি ১০ হাজাৰৰো অধিক সংৰক্ষিত সৈন্যক গাজাত আমাৰ আক্ৰমণ বৃদ্ধি তথা অভিযান সম্প্ৰসাৰণ কৰিবলৈ মাতি পঠাইছোঁ।'

Share This