গাজাত ইজৰাইলৰ পুনৰ আক্ৰমণ , ৫০জনতকৈ অধিক পেলেষ্টাইনীক হত্যা 

dainik janambhumi April 04, 2025

ডিজিটেল ডেস্কঃ সমগ্র গাজাত বুধবাৰে গোটেই নিশা ইজৰাইলী সেনাই আক্রমণ চলাই ৫০জনতকৈ অধিক পেলেষ্টাইনীক হত্যা কৰে। গাজাৰ হস্পিটেল কর্তৃপক্ষই বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে। গাজাৰ বৃহৎ সংখ্যক অঞ্চললৈ ইজৰাইলী সেনাৰ অভিযান সম্প্ৰসাৰণৰ বিষয়ত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘোষণা কৰাৰ এদিনৰ পাছতে ইজৰাইলে এই প্রচণ্ড আক্রমণ সংঘটিত কৰে। 

তদুপৰি, সমগ্র পেলেষ্টাইনতে ইজৰাইলে এটা নতুন নিৰাপত্তা কৰিড'ৰ গঢ়ি তুলিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীজনে সদৰী কৰিছিল। হামাছে ইজৰাইলী পণবন্দীসকলক মুক্তি নিদিয়ালৈকে আৰু অস্ত্ৰ সম্বৰণ কৰি গাজা ত্যাগ নকৰালৈকে সন্ত্রাসবাদী সংগঠনটোৰ বিৰুদ্ধে ইজৰাইলে আক্রমণ চলাই যাব বুলি প্রতিশ্রুতিবদ্ধ হৈছে।

 ইজৰাইলে ইতিমধ্যে গাজালৈ সকলো আমদানিকৃত সামগ্ৰীৰ যোগান বন্ধ কৰি দিছে। তদুপৰি, ইন্ধনৰ লগতে মানবীয় সাহায্যসমূহো গাজালৈ ইজৰাইলে বন্ধ কৰি দিয়াত গাজাত অসামৰিক লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। ইফালে, ইজৰাইলৰ এই শেহতীয়া আক্ৰমণত গাজাৰ দক্ষিণ প্ৰান্তৰ খান ইউনুছৰ নাছেৰ হস্পিটেললৈ ১৪টা মৃতদেহ লৈ অনা হয়। মৃতদেহবোৰৰ ভিতৰত পাঁচটা শিশু আৰু ৫গৰাকী মহিলাৰ মৃতদেহো আছে।

 তদুপৰি, খান ইউনুছৰ ইউৰোপিয়ান হস্পিটেললৈ ১৯টা মৃতদেহ অনা হৈছে আৰু গাজা মহানগৰৰ আহলী হস্পিটেললৈ ২১টা মৃতদেহ অনা হৈছে। এই মৃত্যু হোৱা লোকসকলৰ ভিতৰত অধিকাংশই শিশু আৰু মহিলা।

Share This