ডিজিটেল ডেস্কঃ গাজা ষ্ট্ৰীপত ইজৰাইলী সামৰিক বাহিনীয়ে শনিবাৰে গোটেই নিশা যুদ্ধ বিমানেৰে আক্ৰমণ চলাই কমেও ১৩৫জন পেলেষ্টাইনীক হত্যা কৰে। গাজাৰ স্বাস্থ্য কর্তৃপক্ষই সদৰী কৰা অনুসৰি, হামাছ আৰু ইজৰাইলৰ মাজত নতুন এলানি শান্তি আলোচনাৰ বাবে মধ্যস্থতাকাৰীয়ে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তেই ইজৰাইলী সেনাই এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে। চলিত সপ্তাহতে ইজৰাইলে সমগ্র গাজাত আক্রমণ চলাই ৪৬৪জন পেলেষ্টাইনীক হত্যা কৰিছে।
গাজাৰ স্বাস্থ্য মন্ত্র্যালয়ে কয় যে উত্তৰ গাজাৰ হস্পিটেলসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বর্তমানলৈকে ইজৰাইলে গাজাত কমেও ৫৩,৩৩৯গৰাকী পেলেষ্টাইনীক হত্যা কৰিছে আৰু ১,২১,০৩৪ গৰাকীক আহত কৰিছে। শনিবাৰৰ আক্ৰমণটোৰ সন্দৰ্ভত ইজৰাইলী সেনাই এতিয়ালৈকে মুখ খোলা নাই। বিগত বৃহস্পতিবাৰৰ পৰা ইজৰাইলী সেনাই গাজাত ধাৰাবাহিক আক্রমণ চলাই চাৰি শতাধিক পেলেষ্টাইনীক হত্যা কৰিছে। ইজৰাইলী সেনাই সমগ্র গাজাত নিজৰ নিয়ন্ত্ৰণ অনাৰ বাবে প্রস্তুতি চলাই এই ধাৰাবাহিক আক্রমণ অব্যাহত ৰাখিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মুখপাত্র খলিল আল-ডেকৰানে কয় যে ইজৰাইলী সেনাৰ বোমা বর্ষণত গাজাত বহু পৰিয়াল সম্পূর্ণ নাশ হৈছে। ইফালে,
ইজৰাইলী পণবন্দীসকলৰ মুকলিৰ বাবে হামাছক হেঁচা প্রয়োগৰ হেতু যোৱা মাৰ্চৰ পৰা গাজালৈ ইজৰাইলী কর্তৃপক্ষই মানৱীয় সাহায্যসমূহ ঔষধ, খাদ্য সামগ্ৰী আৰু ইন্ধন যোগান বন্ধ ৰাখিছে। আনহাতে, হামাছে কৈছে যে ইজৰাইলে যুদ্ধ- বিৰতি কৰিলেহে তেওঁলোকৰ পণবন্দীসকলক মুকলি কৰি দিব। শেহতীয়াকৈ, দুয়োপক্ষৰ মাজত যুদ্ধ-বিৰতিৰ বাবে এখন পৰোক্ষ বৈঠক আয়োজন কৰিবলৈ শনিবাৰে আমেৰিকাৰ পৃষ্ঠপোষকতাত ইজিপ্ট আৰু কাটাৰে মধ্যস্থতা কৰাৰ বাবে ৰাজী হৈছে। কাটাৰৰ ৰাজধানী ড'হাত এই নতুনলানি শান্তি প্ৰক্ৰিয়াৰ আলোচনা ধাৰ্য কৰা হৈছে।